Spread the love

নতুন পৰিকল্পনা, আনতকৈ ব্যতিক্ৰম প্ৰয়াস…

চিন্ময় বাৰ্মা… আকৌ নতুন এক ব্যতিক্ৰমী পৰিকল্পনা। দৰ্শকক ৰোমাঞ্চিত কৰিব পৰা বিভিন্ন ধৰণৰ প্ৰকল্প তেখেতে নিৰ্মাণ কৰি জনসাধাৰণক উপহাৰ দিছে। সামাজিক, অলৌকিক, লৌকিক, লোকসাহিত্যক নিজৰ আধাৰ হিচাবে লৈ তেখেতে নিৰ্মাণ কৰি উলিওৱা প্ৰতিটো প্ৰকল্পৰ বিষয়ৰ মানদণ্ড উচ্চ। সেয়েহে, প্ৰায় সময়ত তেখেতৰ পৰিকল্পনাক লৈ অপেক্ষাৰত হৈ থাকে দৰ্শকসকল। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত তেখেতৰ “যখিনী” ৰ বিষয়বস্তু সন্দৰ্ভত দৰ্শকৰ যি মন্তব্য আছিল, সেয়া আছিল লক্ষ্যণীয়। যিসমূহ দৰ্শকে এইখন উপভোগ কৰিছে প্ৰত্যেকেই চুটি ছবিখনক সমাদৰ জনাইছে।

তেওঁৰ আহিবলগীয়া প্ৰকল্প অৰ্থাৎ চুটি ছবিখনৰ নাম হৈছে “The White Shadow”। সুন্দৰবনৰ বগা বাঘৰ লগতে বেশ্যা প্ৰবৃত্তি আৰু পৰিৱেশ-প্ৰকৃতিৰ ওপৰত জনসাধাৰণৰ নিৰ্মম অত্যাচাৰকে লৈ তিনিটা বিষয়ক একেটা কাহিনীৰ ভিতৰত অন্তৰ্ভুক্ত কৰি যুৱপ্ৰজন্মৰ উদীয়মান যুৱকগৰাকীয়ে এই চুটি ছবিখন নিৰ্মাণ কৰিছে। উদয়ন দুৱৰা আৰু প্ৰিয়ংকা ভাৰ্গৱ মুখ্য চৰিত্ৰত অভিনীত এই চুটি ছবিখনক হিন্দী ভাষাত নিৰ্মাণ কৰা হ’ব। প্ৰায় ২০-২৫ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনৰ পৰিচালনাৰ লগতে কাহিনীভাগো চিন্ময় বাৰ্মাৰ নিজৰেই। পাণ্ডুলিপি জংকীৰ। বিজিএম বিদ্যুৎ বিকাশ বৰুৱাৰ লগতে পষ্টাৰ ডিজাইন কৰিছে সায়ান সেনগুপ্তা আৰু চিন্ময়ে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *