এহাল স্বামী-স্ত্ৰীৰ বিশ্বাস, বুজা-বুজি তথা কিছু ঘটনা-পৰিঘটনাক নিৰ্মাণ “Christmas in My Heart”-
এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ কি লাগে বাৰু? ইজনে-সিজনৰ ওপৰত ৰখা অলপ বিশ্বাস, দুয়োজনে দুয়োজনৰ সাহস হৈ থাকি অকণমান বুজা-বুজিৰে জীয়াই যোৱা আৰু অলপ ভালপোৱাৰ মাজেৰেই এটা সম্পৰ্ক জীয়াই থাকে। এটা সম্পৰ্কক পুৰ্ণাংগ ৰূপ প্ৰদান কৰে বিবাহে। ৭ টা জনমৰ বাবে দুটা দেহ এক আত্মা হৈ থাকে এহাল স্বামী-স্ত্ৰী। এই স্বামী-স্ত্ৰীৰ দৈনন্দিন জীৱনৰ কিছু ঘটনা-পৰিঘটনাক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে এখন চুটি ছবি “Christmas in My Heart”। আমি আটাইয়ে আমাৰ চাৰিওফালৰ প্ৰতিটো সম্পৰ্কক এডাল ৰচীৰে মেৰিয়াই বান্ধোনৰ মাজত ৰখাতকৈ অকণমান মুক্তমনে এৰি দিবলৈ বিচাৰোঁ। আমি নিজেও মুক্তমনে থাকিবলৈ বিচাৰোঁ। আন সকলোবোৰ বান্ধোনতকৈ সম্পৰ্কৰ বান্ধোন ডাল আটাইতকৈ ঠুনুকা; ই সহজে ভাঙে। ইয়াৰ বাবে এই বান্ধোনটোক বহু যতনৰে ৰাখিবলগীয়া হয়; যাতে ই ক’তো কষ্ট নাপায়। কিন্তু হঠাৎ উৎপন্ন হোৱা কিছু অবুজ মনোবৃত্তি তথা আত্মগৌৰৱী ভাৱধাৰাই ইয়াক নষ্ট কৰি পেলাবলৈ বৰ বেছি সময়ৰ প্ৰয়োজন একেবাৰেই নলয়।
শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত উক্ত চুটি ছবিখনো এই একেখিনি কথাৰ ওপৰতেই আধাৰিত। ইয়াৰ মুখ্য চৰিত্ৰ জেমচ আৰু ৰাধিকাই বিয়াৰ পিছত সন্মুখীন হোৱা বিভিন্ন সুবিধা-অসুবিধা সমূহক এই ছবিখনত সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। চুটি ছবিখনৰ পৰিচালনা তথা কনচেপ্ট ডিজাইন কৰিছে নয়ন জ্যোতিয়ে। কাহিনী, চিত্ৰনাট্য আৰু সংলাপ লিখিছে ঋষি পৌল্লহে। চিনেমেটোগ্ৰাফী কৰিছে উত্তম কলিতা আৰু শুভম জে. কুৰ্মীয়ে। অভিনয় কৰিছে মিন্টু বৰুৱা, জলী লস্কৰ, নিৰূপম শইকীয়া আৰু জেনেটে। সংগীত কৰিছে ৰক্তিম আৰ শইকীয়াই। ANGELINA CREATION নামৰ ইউটিউব চেনেলত এই চুটি ছবিখন মুক্তি লাভ কৰিছে।
যেতিয়া নিজৰ প্ৰিয়জন কাষত থাকে তেতিয়া বহু কষ্ট আৰু সংগ্ৰাম অনায়সে পাৰ কৰিব পাৰে। বুজা-বুজিৰ লগতে ইজনে-আনজনৰ ওপৰত কৰা ভৰষাখিনিয়ে এটা সম্পৰ্কক কেনেদৰে জীয়াই তোলে এই “Christmas in My Heart” চুটি ছবিখনত সুন্দৰভাৱে দাঙি ধৰিছে পৰিচালক নয়ন জ্যোতিয়ে।