Spread the love

আমি কোনো এজন ব্যক্তিৰ যেতিয়া এটা প্ৰকল্পক ভাল পাওঁ তেতিয়া সেই ব্যক্তিজনৰো দৰ্শকক আমোদ প্ৰদানৰ দায়িত্ববোধটো বৃদ্ধি পায়। অলপতে মুক্তি লাভ কৰা “খোজৰ শব্দ” ৰ বিষয়ে আপোনালোকক জনাইছিলোঁ। এটা বিশেষ গল্পৰ চিনেৰূপ। “চিনেগল্প” ৰ প্ৰথমটো প্ৰকল্প। এইবাৰ এই “চিনেগল্প” ৰ দ্বিতীয়টো খণ্ড মুক্তি লাভ কৰিবলৈ সাজু হৈছে। গল্পটোৰ নাম “প্ৰাপ্তি”। গল্পকাৰ মনালিছা শইকীয়া। অহা ১১ আগষ্ট তাৰিখে এই গল্পটোৰ চিনেৰূপ মুক্তি লাভ কৰিব ৰাইজৰ মাজত। পাঠ কৰিব জেৰিফা ৱাহিদে। পূৰ্বৰ দৰেই এই চিনেৰূপটোৰ পৰিকল্পনা আৰু পৰিচালনাৰ দায়িত্বত আছে হিমাংশু প্ৰসাদ দাস। অভিনয়ত স্বাগতা ভৰালী, গীতাৰ্থ শৰা আৰু নন্দিতা ডেকা।

Mind Garage নামৰ ইউটিউব চেনেলটোত মুক্তিলাভ কৰিবলগীয়া “প্ৰাপ্তি” ৰ বাবে উৎসাহিত হৈ পৰিছে দৰ্শকসকল। নহবওনো কিয়? “খোজৰ শব্দ” ৰ ব্যতিক্ৰমী সোৱাদে দৰ্শক দেহ-মনলৈ যেতিয়া প্ৰশান্তি আনিলে তেতিয়াই আচলতে দৰ্শকসকল সাজু হৈ গ’ল আন এক নতুনত্বৰ বাবে। “প্ৰাপ্তি” ৰ গল্পকাৰ মনালিছা শইকীয়াৰ গল্পবোৰ এনেও হৃদয়স্পৰ্শী। তেখেতৰ একে নামৰ উপন্যাসক আধাৰ কৰি মুক্তিপ্ৰাপ্ত “আন্দোলিত আকাশ” চিৰিজখনেও বহুল জনপ্ৰিয়তা লাভ কৰিছিল কিছুদিন পূৰ্বে। এইবাৰ “প্ৰাপ্তি” য়ে দৰ্শকলৈ কেনেধৰণৰ প্ৰাপ্তি কঢ়িয়াব সেয়া হ’ব লক্ষণীয়।

“প্ৰাপ্তি” ৰ সৈতে জড়িত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী, কলা-কুশলী Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *