কণ্ঠশিল্পী দীপলিনা ডেকা বুলি ক’লেই যুৱপ্ৰজন্মৰ এচাম বলিয়া হৈ পৰা দেখিবলৈ পোৱা যায়। অনুৰাগীৰ শাৰী দীঘলীয়া হোৱা বাবে কণ্ঠশিল্পী গৰাকীৰ পেছাগত লগতে তেওঁৰ ব্যক্তিগত জীৱনটো সদায় সংবাদ মাধ্যম তথা জনসাধাৰণৰ চৰ্চাত থাকে। কণ্ঠৰ লগতে দীপলিনা ডেকাৰ ব্যৱহাৰে জনসাধাৰণৰ হৃদয়ত এক সুকীয়া স্থান লাভ কৰি আহিছে। শেহতীয়াকৈ এইগৰাকী কণ্ঠশিল্পীৰ মহানুভৱতাই আকৰ্ষণ কৰিছে সকলোকে। এগৰাকী নাৰীৰ ব্যক্তিত্বই তেওঁক অধিক ধুনীয়া কৰে। এইষাৰ অৱশ্যে আমি কোৱা কথা নহয়, যুগ যুগ ধৰি বহু গুণী জ্ঞানী ব্যক্তিয়ে কথাষাৰ নানান ধৰণে বুজাই আহিছে। দীপলিনা ডেকাৰো ব্যক্তিত্বও এনেধৰণৰেই। মনোৰঞ্জন প্ৰদানৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধ তেওঁ। সমাজত বসবাস কৰা অসহায় লোকক সহায় কৰা, যৎকিঞ্চিৎ সেৱা আগবঢ়োৱাটো দীপলিনাই নিজৰ কৰ্তব্য হিচাবে মানি লৈ অলপতে এটি সুন্দৰ কৰ্মৰাজিৰ সফল ৰূপায়ণ কৰিছে।
এটি বিশেষভাৱে সক্ষম যুৱকৰ স্বপ্নক সাকাৰ কৰাৰ ক্ষেত্ৰত বায়েক হিচাবে দায়িত্ব পালন কৰিছে দীপলিনাই। তিনিমাহ পূৰ্বে চিনাকী হোৱা যুৱক গৰাকীৰ সৈতে বায়েক-ভায়েকৰ সম্পৰ্ক গঢ় লৈ উঠিছিল দীপলিনাৰ। ধ্ৰৱজ্যোতি বিশেষভাৱে সক্ষম যদিও যুৱকগৰাকীৰ প্ৰতিভা আছিল অতুলনীয় তথা অনন্য। তেওঁ মুখেৰে স্পষ্টকৈ কথা ক’ব নোৱাৰিলেও সুন্দৰ শব্দ তথা ভাষা প্ৰয়োগ কৰি লিখি উলিয়ালে এখন কাব্যগ্ৰন্থ “এমুঠি হৃদয়ৰ কবিতা”। বায়েক হিচাবে কাব্যপুথি খন প্ৰকাশৰ দায়িত্ব চমজি লৈছিল দীপলিনা ডেকাই। কণ্ঠশিল্পী গৰাকীৰ নিজা প্ৰচেষ্টাৰে গঢ় দিয়া “মৰম প্ৰকাশন” ৰ বেনাৰত উন্মোচিত এই কাব্যপুথিখন ধ্ৰুৱজ্যোতিৰ ৫০ টা সুন্দৰ কবিতাৰে সমৃদ্ধ। উল্লেখ্য যে, ধ্ৰুৱজ্যোতিৰ এই কাব্যপুথিখন চতুৰ্থ কবিতা সংকলন।
দীপলিনা ডেকাৰ এই প্ৰয়াস তথা প্ৰচেষ্টাই নৱপ্ৰজন্মক উৎসাহিত কৰিব। দীপলিনা আৰু ধ্ৰুৱজ্যোতিৰ মাজৰ এই সুন্দৰ মৰমৰ সম্পৰ্কটিৰ বহিঃপ্ৰকাশ হৈছে এই কাব্যপুথিখন। দীপলিনা আৰু ধ্ৰুৱজ্যোতিলৈ জনাইছোঁ আন্তৰিক শুভকামনা…