Spread the love

“ভবাই নাছিলোঁ মোৰ দৰে,
তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে…
জনাই নাছিলোঁ মোৰ বাবে,
তোমাৰ হিয়াত প্ৰীতিৰ ঢৌ বোৰেও খেলি থাকে…”

গীতটিৰ শাৰীকেইটা পঢ়াৰ লগে লগেই হয়টো আপুনিও গুণগুণাবলৈ আৰম্ভ কৰিছে। নহয়নে বাৰু? আচলতে, “ভবাই নাছিলোঁ” শীৰ্ষক এই সুন্দৰ ৰোমাণ্টিক গীতটি আছিলেই এনেকুৱা যে বহুতৰে শুকান হৃদয়ত প্ৰেমৰ গীতাৰ বজাই থৈ গৈছিল। বৰ্তমান সময়ত ট্ৰেণ্ডিঙত আছে দীপলিনা ডেকা আৰু ট্ৰেণ্ডিঙত নাথাকিলেও সকলোৰে মন-গহ্বৰত চলি থকা এগৰাকী ব্যক্তি হৈছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। সংগীত ক্ষেত্ৰৰ এই দুয়োগৰাকী বিশেষ ব্যক্তিৰ খবৰ আপোনালোকক আজি দিবলৈ ওলাইছোঁ। “ভবাই নাছিলোঁ” শীৰ্ষক উক্ত জনপ্ৰিয় গীতটোৰ আহি আছে দ্বিতীয়টো সংকৰণ অৰ্থাৎ “ভবাই নাছিলো ২.০”।

ইতিমধ্যে গীতটিৰ আনুষ্ঠানিক ঘোষণা কৰাৰ লগতে গীতটিৰ মুক্তিৰ বাবে যাৱতীয় কাম সমূহ আৰম্ভ কৰা হৈছে। “Atlas Creation” বেনাৰত নিৰ্মাণ হ’বলগীয়া এই গীতটিৰ প্ৰযোজনাৰ দায়িত্বত আছে অনুপম কোঁৱৰ। পূৰ্বৰ সংস্কৰণটিৰ দৰেই শেহতীয়া এই গীতটিৰো কথা ৰাহুল দে দাসৰ। আনহাতে গীতটোত সুৰ কৰিছে অংশুৰাজে। “ভবাই নাছিলো” ৰ প্ৰথম সংস্কৰণটোৱে বহুল হাৰত শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিছিল, সেই হেতুকে ঘোষণাৰ পিছতেই নতুন গীতটিক লৈও অপেক্ষাৰত ৰাইজ। দীপলিনা আৰু জুবিনৰ যুটীয়া কণ্ঠৰ অনুৰাগী বহু শ্ৰোতা, গতিকে তেওঁলোকৰ কণ্ঠৰে নতুন এটা গীতৰ বাবে উৎসাহিত সকলো।

“Atlas Creation” য়ে অসমবাসীক সদায় একোটা নতুন গীতৰ উপহাৰ দি আহিছে। Jollywood Now ৰ তৰফৰ পৰা আটাইলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *