“ভাইৰেল মৌচুমী” ৰ পিছত জনপ্ৰিয় পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসে তেওঁৰ “জীৱন জিন্দাবাদ” ৰ দ্বিতীয়টো অধ্যায় ৰাইজৰ মাজলৈ উলিয়াই দিছে। তেওঁৰ এই দ্বিতীয়টো অধ্যায়ত কোনো ধৰণৰ ঘটনাক সামৰি অভিনয়ৰ জৰিয়তে বহিঃপ্ৰকাশ কৰা হোৱা নাই। ইয়াত এগৰাকী সংগ্ৰামী যুৱকৰ কাহিনীক অন্তৰ্ভুক্ত কৰা হৈছে।
আমি জীয়াই থকা দিনকেইটাত কৰা সংগ্ৰামখিনিতকৈ উজু বুলি ভাবো “মৃত্যু”ক। আত্মহননৰ পথ বাচি লৈ নিজকে নিঃশেষ কৰি দিয়াৰ চিন্তা কৰোঁ কেতিয়াবা। কিন্তু এই চিন্তাটোৰ পৰা মুক্ত হৈ যেতিয়া আমি জীয়াই থাকিবলৈ এটা নিৰ্দ্দিষ্ট পথ নিৰ্বাচন কৰোঁ তেতিয়া আচলতে আমাক কোনেও বাধা দিব নোৱাৰে। অইনৰ পৰা পোৱা অৱহেলা, উপলুঙা ইত্যাদি কোনো কাৰণতেই আমাৰ বাবে হেঙাৰ হ’ব নোৱাৰে। হয় নে নহয় বাৰু? হিমাংশু প্ৰসাদ দাসৰ জীৱন জিন্দাবাদৰ দ্বিতীয় অধ্যায়টোত আপোনালোকে দেখিবলৈ পাব তেনে এক কাহিনীকেই, কাহিনীভাগ হৈছে আনোৱাৰ হুচেইনৰ। অধ্যায়টোৰ নাম দিয়া হৈছে “মাই নেম ইজ আনোৱাৰ হুচেইন”। এটা গীতৰ জৰিয়তে কাহিনীভাগক উপস্থাপন কৰা হৈছে ইয়াত।
ইয়াৰ পৰিকল্পনা আৰু পৰিচালনা হিমাংশু প্ৰসাদ দাসৰ, দৃশ্যগ্ৰহণৰ দায়িত্বত আছে হিমশিখৰ। সম্পাদনা কৰিছে ধীৰাজ মজুমদাৰৰ লগতে ইয়াত থকা গীতটোত কণ্ঠ নিগৰোৱাৰ উপৰিও কথা আৰু সুৰ কৰিছে হিমাংশু প্ৰসাদ দাসে নিজে। সংগীত ব্যৱস্থাপনা কৰিছে পৰাণ বৰকটকীয়ে। আপোনালোকে চালেনে এই অধ্যায়টো?