Spread the love

বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই অসমৰ অসমীয়াৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হয়। বহুল সংখ্যাত গীত সমূহৰ সৈতে জড়িত হৈ থকা একাংশ কণ্ঠশিল্পীৰ গীতৰ ব্যতিক্ৰমীতাই দৰ্শক-শ্ৰোতাৰ সমুখত তেওঁলোকক অধিক গ্ৰহণযোগ্য কৰি তোলে। দীক্ষু শৰ্মা… “তুমি যদি কোৱা জোনটি আনি দিম”, “আহ ঐ আহ খেতি কৰবাক লগি” ৰ লগতে আন বহুকেইটা তেওঁৰ আৰম্ভণিৰ গীতে দৰ্শকক যথেষ্ট আকৰ্ষিত কৰি আহিছে।

শেহতীয়াকৈ দীক্ষু শৰ্মাই নতুন গীতৰ ঘোষণা কৰিছে। গীতটোৰ নাম “RASSAM”। অসমীয়া মাটিৰ মাত আৰু ৰাজস্থানী লোকগীতৰ সংমিশ্ৰণেৰে দীক্ষু শৰ্মাই তেওঁৰ আহিবলগীয়া গীতটোক প্ৰস্তুত কৰি উলিয়াইছে। RASSAM অৰ্থাৎ ইয়াত থকা R ৰ অৰ্থ ৰাজস্থান আৰু ASSAM ৰে অসম। গীতৰ ভিডিঅ’টোতো আপুনি কিবা এক নতুন দেখিব বুলিয়েই একাষাৰে ক’ব পাৰো। কিয়নো ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে সুব্ৰত কাকতি আৰু শচীন বৰুৱাই। গীতটিৰ অসমীয়া সংস্কৰণৰ কথা সুনিত গগৈৰ আৰু সুৰ কৰিছে দীক্ষুৱে নিজেই। আনহাতে, ৰাজস্থানী সুৰ আৰু কথাখিনি তেওঁলোকৰ থলুৱা সংস্কৃতিৰ পৰা তুলি অনা হৈছে। সংগীত প্ৰযোজনা প্ৰণয় দত্তৰ। গীতটোৰ বাবে বৰ্তমান অপেক্ষাৰত দীক্ষুৰ অনুৰাগী। আটাইকে Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *