Spread the love

“ডক্তৰ বেজবৰুৱা ২” ৰ অভিলেখঃ প্ৰথম দিনাই সঁহাৰি ৰাইজৰ-

প্ৰথমদিনাই এটি সুন্দৰ উপাৰ্জনৰ সৈতে অসমৰ প্ৰতিখন জিলাৰ ছবিগৃহত দপদপাই চলিছে “ডক্তৰ বেজবৰুৱা ২”। প্ৰথমটো দিনৰ প্ৰথমটো দৰ্শনী চোৱাৰ বাবে উদ্বাউল হোৱা চলচিত্ৰ প্ৰেমী ৰাইজক দেখি এয়া নিশ্চিত ভাৱে ক’ব পাৰি যে সুদিন ঘূৰি আহিছে অসমীয়া ছবি জগতলৈ। প্ৰাপ্ত তথ্য অনুসৰি, “ডক্তৰ বেজৰুৱা ২” এই ছবিখনৰ প্ৰথমদিনাৰ ব্যৱসায় হৈছে ৪১.২ লাখ টকা। লগতে, এই ছবিখনৰ IMDB ৰেটিং হৈছে ৮.৩ শতাংশ। নগাঁৱৰ কৃষ্ণা চিনেমা হ’লত দৰ্শকৰ উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই নিশালৈ এটি দৰ্শনী বৃদ্ধি কৰি দিয়াৰ লগতে অপেৰা চিনেমা হ’লত তিনিদিনৰ বাবে সম্পূৰ্ণ টিকট বিক্ৰী হোৱাৰ উপৰিও বাংগালুৰতো তিনিদিনৰ বাবে এডভান্স বুকিং কৰা হৈছে “ডক্তৰ বেজবৰুৱা ২” ৰ। অসমৰ ১৪২ খন পৰ্দা তথা ভাৰতৰ বিভিন্ন ঠাইৰ ৮ টা ছবিগৃহত মুক্তি লাভ কৰা “ডক্তৰ বেজবৰুৱা ২” ৰ বহুল সফলতা সঁচাকৈ প্ৰশংসনীয়। ছবিখন চাই হাঁহিমুখে ওলাই অহা দৰ্শকক দেখিও ক’ব পৰা যায় যে ছবিখনে নিৰাশ কৰা নাই কাকো।

১৯৬৯ চনত মুক্তি লাভ কৰা ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত “ডক্তৰ বেজবৰুৱা” ছবিখনৰ জনপ্ৰিয়তা যে ৫০ টা দশকৰ পিছতো ম্লান পৰা নাই, সেয়া একপ্ৰকাৰ সুন্দৰভাৱে ওলাই পৰিছে। প্ৰয়াত নিপন গোস্বামীয়ে অসমৰ ৰাইজক দি যোৱা তেওঁৰ এই শেষৰ উপহাৰটোৱে তেওঁক পুনৰ বাৰ ৰাইজৰ মাজত জীয়াই তুলিছে। এগৰাকী শিল্পীৰ মৃত্যু হ’লেও যে সেই শিল্পৰ মৃত্যু নহয় তাৰেই প্ৰমাণ হৈছে “ডক্তৰ বেজবৰুৱা ২”। যিসকল লোকে ইতিমধ্যে “ডক্তৰ বেজবৰুৱা ২” উপভোগ কৰিছে সেই সকলোৱে আন ১০ গৰাকীৰ সমুখত ছবিখনত নতুনত্ব পাইছে বুলি দাবী কৰিছে। কাহিনী, সংলাপ, অভিনয় ইত্যাদি প্ৰতিটো বিষয়ে ছবিখনক ৰাইজৰ কাষলৈ লৈ গৈছে।

অসমীয়া চিনেমা উদ্যোগৰ উত্তৰণত “ডক্তৰ বেজবৰুৱা” ৰ এই অংশীদাৰিত্ব সঁচাকৈ লেখতল’বগীয়া। সকলোকে আন্তৰিক শুভকামনা জনাইছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *