Spread the love

মাজত মাত্ৰ আৰু কেইটামান দিনৰ অপেক্ষা… “এটি নিৰ্জন দুপৰীয়া” ক লৈ প্ৰস্তুতি তুংগত…

সমাজৰ ৰুঢ় বাস্তৱৰ প্ৰতিফলন ঘটাই পৰিচালক খঞ্জন কিশোৰ নাথে নিৰ্মাণ কৰি উলিওৱা অসমীয়া ছবি “এটা নিৰ্জন দুপৰীয়া” ৰ যি ঢৌৰ সৃষ্টি হৈছে সেয়া সঁচাকৈ প্ৰশংসনীয়। সৰস্বতী পূজাৰ দিনৰ এটি ঘটনাক কেন্দ্ৰ কৰি আৰু এগৰাকী নাৰীৰ প্ৰতি সমাজৰ দৃষ্টিভংগীক লৈ নিৰ্মাণ কৰা এই ছবিখনত পৰিচালকে কেৱল মাত্ৰ এটা গানৰ সংযোজন কৰিছে। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবিখনৰ “পৃথিৱীৰ অসুখ” শীৰ্ষক গীতটোৱে যথেষ্ট সঁহাৰি লাভ কৰিছে শ্ৰোতাগণৰ।

অহা ১ মাৰ্চ, ২০২৪ তাৰিখে মুক্তিপাবলগীয়া “এটা নিৰ্জন দুপৰীয়া” ত অভিনয় কৰিছে কৰিছে ক্ৰমে ধনঞ্জয় দেৱনাথ, জিতুমণি মহন্ত আৰু বিজয় শংকৰ শইকীয়াই। উল্লেখ্য যে, প্ৰয়াত অভিনেতা বিজয় শংকৰ শইকীয়াই দিয়া এই ছবিখন হৈছে অসমীয়া দৰ্শকলৈ শেষ উপহাৰ।

আপোনালোক সাজু হওক, এখন সুন্দৰ অসমীয়া ছবি উপভোগ কৰিবলৈ। যিয়ে আপোনালোকৰ সৈতেও সংযোগ স্থাপন কৰিব।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *