Spread the love

মানুহৰ জীৱনলৈ এটা সময় আহে, য’ত মানুহে মানুহ বিচাৰে। কথা পাতিবলৈ, সুখ-দুখৰ কিছু বাৰ্তা আদান প্ৰদান কৰিবলৈ মানুহক মানুহ লাগে। অৰ্থাৎ প্ৰতিজন ব্যক্তিকে একোজন সংগৰ প্ৰয়োজন আছে। সন্তানৰ বিবাহৰ পিছত এহাল বৃদ্ধ পিতৃ-মাতৃয়ে কটোৱা সময়খিনি যে কেতিয়াবা প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ হ’ব পাৰে সেয়া বাৰু আমি কিমানদূৰ বুজোঁ? ইজনে – আনজনক চম্ভালিবলৈ যেতিয়া দুয়োগৰাকীৰেই মানসিক আৰু শাৰিৰীক শক্তি নোহোৱা হৈ পৰে তেতিয়া তেওঁলোকে কাক বিশ্বাসত লৈ বাৰু?

আমি কোৱা কথাখিনিৰেই ১০৩ মিনিট দৈৰ্ঘ্যৰ এখন অসমীয়া ছবি “ফেঁহুজালি” কাইলৈ অৰ্থাৎ ২ অক্টোবৰ তাৰিখে আপুনি ছবিখন Quatermoon production ৰ ইউটিউব চেনেলতেই বিনামূল্যে উপভোগ কৰিব পাৰিব। বিশ্বজিত বৰাৰ প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত ছবিখনৰ সহ প্ৰযোজনা কৰিছে ৰূপালী বৰুৱা, মেঘালী বৰুৱা লাহিৰী, উদয়ন লাহিৰী আৰু মিতম বৰুৱাই। সংগীত কৰিছে গীত প্ৰিয়মে আৰু দৃশ্যগ্ৰহণ টিটু জেনাৰ।

সুৰেণ মহন্ত, মণি বৰা, বাহাৰুল ইছলাম, যতীন খাটনিয়াৰ, লপামুদ্ৰা গগৈ বৰাৰ লগতে শিশু শিল্পী ৰ’দালী বৰা আৰু ত্ৰিদীপ শইকীয়া অভিনীত এই ছবিখন ইতিমধ্যে বিভিন্ন খন চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শিত হৈ সমালোচক তথা দৰ্শকৰ দ্বাৰা প্ৰশংসিত হৈছে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *