Spread the love

বহু প্ৰত্যাশিত অসমীয়া ছবি “ৰাঘৱ” ৰ মুক্তি লাভ কৰিছে ফাৰ্ষ্ট লুক পষ্টাৰ। অসমীয়া চলচিত্ৰ উদ্যোগটোক পুনৰ বাৰ ঠন ধৰি তোলাৰ ক্ষেত্ৰত “ৰত্নাকৰ” ছবিখনে যথেষ্ট সহায় কৰিছিল। “ৰত্নাকৰ” ৰ কাহিনী, অভিনয় আৰু চিত্ৰনাট্যৰ সুন্দৰ সংমিশ্ৰণে দৰ্শকক বহুল হাৰত আকৰ্ষণ কৰাৰ লগতে ব্যৱসায়িক দিশৰ ফালৰ পৰাও ছবিখনে বহু পৰিমাণে লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। জে.বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “ৰাঘৱ” হৈছে দ্বিতীয়খন অসমীয়া ছবি। ইয়াৰ পূৰ্বে “ৰত্নাকৰ” আৰু “মৰীচিকা” শীৰ্ষক এখন অসমীয়া ধাৰাবাহিকো এই প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মাণ হৈছিল, যিখনেও অকল্পনীয় সফলতা লাভ কৰিছিল। শেহতীয়াকৈ “ৰাঘৱ” ৰ পষ্টাৰখনে জনসমাজত খলকনিৰ সৃষ্টি কৰিছে। যতীন বৰাৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে তেখেত নিজেই। লগতে তেওঁৰ পত্নী নৱনীতা শৰ্মা বৰা। বিগ বাজেটৰ এই ছবিখনে পুনৰ বাৰ অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকক নতুনত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।

এগৰাকী যুৱকৰ জীৱন সংগ্ৰাম তথা তেখেতৰ জীৱনৰ প্ৰেম, বিষাদ, ৰোমাঞ্চ ইত্যাদিক লৈ ছবিখনৰ কাহিনীভাগ লিখা হৈছে। এগৰাকী ড্ৰাইভাৰৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব ছবিখনত মুখ্য চৰিত্ৰ ৰূপায়িত অভিনেতা যতীন বৰাক। “ৰাঘৱ” ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ লিখিছে অভিজিৎ ভট্টাচাৰ্যই। গুৱাহাটীকে ধৰি যোৰহাট, মেঘালয় তথা হায়দৰাবাদৰ ৰামুজী ফিল্ম চিটী আৰু কাশ্মীৰৰ বিভিন্ন সুন্দৰ ঠাইত দৃশ্যগ্ৰহণ সম্পন্ন হোৱা এই ছবিখনত দৃশ্যগ্ৰহণকাৰী হিচাবে দায়িত্ব পালন কৰিছে প্ৰদীপ দৈমাৰীয়ে। পোনপ্ৰথমবাৰৰ বাবে এইবাৰ অসমীয়া ছবিত ফেণ্টম কেমেৰাৰ ব্যৱহাৰ কৰা হৈছে। উল্লেখ্য যে, দক্ষিণ ভাৰতৰ জনপ্ৰিয় একচন পৰিচালক ৰাজেশ কন্নড়ৰ নেতৃত্বত অহা ১৬ জনীয়া একচন টীমটোৱে “ৰাঘৱ” ৰ একচন চিকুৱেলৰ পৰিচালনা কৰিছে। ছবিখনত বহু বছৰৰ অন্তত জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামীক দেখিবলৈ পাব দৰ্শকে।

“ৰাঘৱ” ত এই ছবিখনত যতীন বৰাৰ লগতে আন গুৰুত্বপূৰ্ণ চৰিত্ৰ সমূহত অভিনয় কৰিছে ক্ৰমে হিৰণ্য ডেকা, নিশিতা গোস্বামী, সিদ্ধার্থ নিপন গোস্বামী, নৱাগতা চুমি বৰাকে ধৰি বহু কেইগৰাকী ন-পুৰণি শিল্পীয়ে।ছবিখনৰ গীতসমূহ লিখিছে জুবিন গাৰ্গ, দিগন্ত ভাৰতী আৰু ৰাহুল গৌতম শৰ্মাই। ইতিমধ্যে ছবিখনৰ এটি গীতত জুবিন গাৰ্গ আৰু শান্তা উজীৰে কণ্ঠদান কৰিছে। অহা ৩১ এপ্ৰিল তাৰিখে এই গীতটিয়ে মুক্তি লাভ কৰিব। ২০২৩ ৰ এইখন এখন সফল ছবি ৰূপে পৰিগণিত হ’ব বুলি একপ্ৰকাৰ নিশ্চিত হৈ উঠিছে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *