বিগত দুবছৰ পূৰ্বে অটিটি প্লেটফৰ্ম “ৰীলড্ৰামা” ত মুক্তি লাভ কৰিছিল এখন ৱেব চিৰিজ। যিখন ৱেব চিৰিজ মুক্তিৰ পূৰ্বৰে পৰা জনসাধাৰণৰ মন-মগজুত যেনেদৰে সোমাইছিল, মুক্তিৰ পিছত দৰ্শকৰ মন-মগজুক মোহাচ্ছন্ন নকৰাকৈ কিন্তু ৱেব চিৰিজখনৰ এটি খণ্ডও থকা নাছিল। কথাখিনিৰ পৰা কিবা অকণ অনুমান কৰিব নিশ্চয় পাৰিছে আপোনালোকেও। হয়, ঠিকেই ভাবিছে। এই ৱেব চিৰিজখনৰ নাম আছিল “ফিচা”। যিখনৰ দ্বিতীয়টো সংস্কৰণ অৰ্থাৎ “ফিচা ২.০” আহিবলৈ সাজু হৈছে আপোনালোকৰ মাজলৈ। অহা অক্টোবৰ মাহত হয়টো ৱেব চিৰিজখনে লাভ কৰিব মুক্তি। ইতিমধ্যে প্ৰকল্পটোৰ প্ৰথমখন পষ্টাৰ মুকলি কৰি নিৰ্মাতা গোষ্ঠীয়ে এই কথা জানিবলৈ দিছে দৰ্শকক।
ৰোমাঞ্চ, ৰহস্য আৰু ষড়যন্ত্ৰৰে পৰিপূৰ্ণ এই ৱেব চিৰিজখনৰ প্ৰথমটো প্ৰকল্পৰ পৰিচালনা আৰু কাহিনী আছিল সংকল্পজিৎ হাজৰিকাৰ। চিত্ৰনাট্য ৰচনা কৰিছিল প্ৰণৱ বৰুৱাই। দ্বিতীয়টো সংস্কৰণৰ পৰিচালনা আৰু চিত্ৰনাট্য এই দুগৰাকী ব্যক্তিয়ে পালন কৰিছে। বৰ্ষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা, ৰাজীৱ গোস্বামীৰ লগতে “ফিচা” ৰ প্ৰথমটো সংস্কৰণত অভিনয় কৰিছিল কমল লোচন, দেৱাশ্ৰী দাস, চিন্ময় কটকী, মহেশ বৰা, পৰাগ শৰ্মাকে আদি কৰি বিভিন্ন গৰাকী ন-পুৰণি শিল্পীয়ে। “অপেন এণ্ড শ্বাট” কেছ হিচাবে কাহিনীৰ প্ৰথমছোৱাতে উপস্থাপন কৰা হৈছিল যদিও পিছলৈ কাহিনীভাগত “মাছ” ৰ ফিচাক কেন্দ্ৰ কৰি জনসাধাৰণৰ ওপৰত ইয়াৰ মনস্তাত্বিক প্ৰভাৱৰ দিশ এটাকো সাঙুৰি লোৱা হৈছিল।
যি কি নহওঁক, দ্বিতীয়টো সংস্কৰণৰ “ফিচা” ৰ বাবে অধীৰ অপেক্ষাৰে অপেক্ষাৰত সকলো। প্ৰকল্পটোৰ সৈতে জড়িত আটাইকে Jollywood Now ৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা