Spread the love

সুস্থ হৈ বাসগৃহলৈ ঘূৰি আহিছে বাঁহীবাদক দীপক শৰ্মা। দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত, জীৱনৰ এক অন্যতম সংগ্ৰাম জয় কৰি অম্বিকাগিৰী নগৰৰ বাসভৱনলৈ উভতি আহিছে তেখেত।

প্ৰতিভাৱান শিল্পী গৰাকীৰ বাঁহীৰ অমিয়া সুৰে মুগ্ধ কৰি ৰাখিছিল সকলোকে। এই একেই সুৰৰ সোৱাদ দিবলৈ ঘূৰি অহা দীপক শৰ্মাক শেহতীয়াকৈ সকলো অনুৰাগীয়ে শুভকামনা জ্ঞাপন কৰিছে। শৰীৰৰ বহু অংগৰ বিসংগতি হোৱাৰ লগতে বৃক্ক, হৃদযন্ত্ৰ আৰু যকৃতৰ অসুস্থতাৰ ফলত তেখেতক ব্যয়বহুল চিকিৎসাৰ প্ৰয়োজন হৈছিল।আৰ্থিকভাৱে সহায় বিচাৰিছিল ৰাজ্য চৰকাৰ আৰু অসমবাসীৰ ফালৰ পৰাও। আজি অসমৰ ৰাইজৰ আশীৰ্বাদ লৈয়ে সুস্থ হৈ উঠিছে দীপক শৰ্মা। Jollywood Now ৰ তৰফৰ পৰা তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *