Spread the love




আগন্তুক ব্যয়বহুল অসমীয়া ছবি “বীৰাংগনা সাধনী” ৰ প্ৰস্তুতি চলিছে সক্ৰিয়ভাৱে। ছবিখনত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া অভিনেতা-অভিনেত্ৰীসকলে নিজৰ চৰিত্ৰটোক পুংখানুপুংখভাৱে উলিয়াই অনাৰ প্ৰয়াসত ব্যস্ত হৈ পৰাৰ লগতে অনুশীলন আৰম্ভ কৰিছে।

ছবিখনত কুণ্ডিলৰ অধিপতি ধীৰনাৰায়ণৰ মহামন্ত্ৰী “কাঁচিতৰা” ৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া অভিনেতা তপন দাস তথা ধীৰনাৰায়ণৰ ভাতৃ যুৱৰাজ সুৰধ্বজ পালৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া মৃদুল চুতীয়াই এনেদৰে ঘোঁৰাত বহি নিজৰ অনুশীলন আৰম্ভ কৰিছে। ছবিখনক প্ৰতিটো দিশৰ পৰা সমৃদ্ধ কৰি তুলিবলৈ প্ৰতিগৰাকী কলা-কুশলীৰ নিৰলস প্ৰচেষ্টা এনেদৰেই অব্যাহত আছে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *