Spread the love

সাজু হেঙুল থিয়েটাৰঃ “বনৰজা” ৰ টিজাৰ মুক্তি, ৰবি শৰ্মাও সাজু নিজৰ দমদাৰ লুক লৈঃ

অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত থিয়েটাৰৰ অৱদান উল্লেখনীয়। উপন্যাসৰ লগতে গল্প, কবিতা আদিৰ দৰে একপ্ৰকাৰৰ সৃষ্টিশীল কৰ্ম হৈছে নাটকো। নাটকক পৰিৱেশ্য কলাৰ সম্পূৰ্ণ ৰূপ বুলি কোৱা হয়। দৃশ্য-শ্ৰৱ্য মাধ্যম হিচাবে নাটকে অতীজৰে পৰাই এক বিশেষ সমাদৰ লাভ কৰি আহিছে। আমি এটা কথা নিশ্চিত ৰূপত ক’ব পাৰোঁ যে, অসমৰ এই সাংস্কৃতিক ক্ষেত্ৰখনত ছবি, চুটি ছবি ইত্যাদিতকৈ নাটক সমূহক লৈ উৎসাহিত হৈ থাকে প্ৰতিগৰাকী দৰ্শক। থিয়েটাৰ আহিব বুলি কোৱাৰ লগে লগে অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈ পৰে। প্ৰথম দৰ্শনী, দ্বিতীয় দৰ্শনী তথা তৃতীয় দৰ্শনীত সমানেই লোকৰ ভিৰ পৰিলক্ষিত হয়। দীঘলীয়া কাৰ্যসূচীৰে ইয়াৰ বিভিন্ন শিল্পী অসমৰ এঠাইৰ পৰা আন ঠাইলৈ গৈ নাট্য প্ৰদৰ্শন কৰে। এদিনতে চাৰিটাকৈ দৰ্শনী কৰাৰ পিছতো কেতিয়াবা দৰ্শকৰ দাবীত অধিক দৰ্শনী কৰিবলগীয়াও হয়।

শেহতীয়াকৈ “হেঙুল থিয়েটাৰ” ২০২৩-২৪ বৰ্ষৰ বাবে সাজু হৈ উঠিছে। চলিত বৰ্ষৰ “হেঙুল থিয়েটাৰ” ৰ মুখ্য আকৰ্ষণ হৈছে অভিনেতা ৰবি শৰ্মা। থিয়েটাৰৰ এইবাৰৰ নিবেদন সমূহ হৈছে ক্ৰমে- নতুন সাঁজত অভিজিৎ ভট্টাচাৰ্যৰ “চকু”, প্ৰণৱ বৰুৱা “আঁকৰা তই পগলা মই” আৰু ৰাজদ্বীপৰ “বনৰজা”। অলপতে “বনৰজা” নাটকখনিৰ টিজাৰ মুকলি কৰা হৈছে। টিজাৰটোৰ মুক্তিৰ পিছতেই নাটখনক লৈ আকৰ্ষণৰ সৃষ্টি হৈছে সচেতন মহলত। নাটকখনিৰ প্ৰযোজনা সংকল্পজিৎ হাজৰিকাৰ লগতে পৰিচালনাৰ দায়িত্বত আছে পংকজ হাজৰিকা। ক্ৰাইমধৰ্মী নাটকখনিৰ টিজাৰটোত ৰবি শৰ্মাক দমদাৰ লুকত দেখিবলৈ পোৱা গৈছে। অভিনেতা গৰাকীৰ লগতে উক্ত নাটকখনত অভিনয় কৰিছে হিমাংশু গগৈ, মহেশ বৰা, দেৱাশ্ৰী দাস, ননী দেৱী আৰু হেলেনা আখটাৰে। ডি.অ’.পি কৰিছে বিতুল দাসে। সম্পাদনা মানস কাশ্যপৰ আৰু সংগীত পল্লৱ তালুকদাৰৰ।

এখন ভাল নাটকে সমাজলৈ সুস্থ বাতাৱৰণ কঢ়িয়াই আনিব পাৰে বুলি বিশ্বাস কৰা হয়। নাটকে সমাজ এখনক সুশৃংখলিতভাৱে আগুৱাই নিয়াৰ লগতে মানুহৰ জীৱনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ’লেও নাটকৰ প্ৰভাৱ পৰে। “হেঙুল থিয়েটাৰ” ৰ পৰাই এনে আশা প্ৰকাশ কৰিছে এতিয়া সকলোৱে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *