এখন পিছপৰা তথা ভিতৰুৱা গাঁৱত চৰকাৰৰ তৰফৰ পৰা এখন বেনাৰ মাৰি ৰখা হয়। য’ত চৰকাৰৰ ভাল কাম সমূহৰ খতিয়ান দাঙি ধৰাৰ দৰে কিছু বাৰ্তা ৰাইজক দিয়াৰ চেষ্টা কৰা হয়। কিন্তু এদিন সেই বেনাৰ খন নিজৰ ঠাইডোখৰৰ পৰা নোহোৱা হৈ পৰাত গাঁওখনত এক তদন্তৰ আৰম্ভণি হয়। অৱশেষত, আৰক্ষী বিষয়া এগৰাকীয়ে ঘটনাটো তদন্ত কৰি যি তথ্য লাভ কৰে সেই তথ্যই তেওঁৰ চাৰিওফালৰ পৃথিৱীখনক উখল-মাখল কৰি তোলে। এই কাহিনীভাগ হৈছে “লাজ” ৰ। আপোনালোক হয়টো অকণমান আচৰিত হৈছে। নহ’ব!
আমি আপোনালোকক জনাবলৈ লৈছোঁ এতিয়া মূল কথাটো। উক্ত কাহিনীভাগ হৈছে অহা ২০ জুন তাৰিখে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া গুৱেৰ্ণিকাৰ নতুন নাটক “লাজ” ৰ। সঞ্জীৱ পল ডেকাৰ গল্পটোক কেন্দ্ৰ কৰি নাটকখনিৰ পৰিকল্পনা আৰু পৰিচালনা হিমাংশু প্ৰসাদ দাসৰ। সদায় ব্যতিক্ৰমী এক প্ৰচেষ্টা আৰু প্ৰয়াসৰ সৈতে ৰাইজৰ কাষ চপা হিমাংশু প্ৰসাদ দাসৰ প্ৰতিটো প্ৰকল্পক লৈ উৎসাহী হৈ থাকে জনসাধাৰণ। তেওঁৰ অধিকাংশ প্ৰকল্প সামাজিক। সমাজলৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদানৰ চেষ্টা কৰে তেখেতে।
অহা ২০ জুন তাৰিখে অনুষ্ঠিত হ’বলগীয়া “লাজ” ত অভিনয় কৰিছে অভিনয় কৰিছে ক্ৰমে অপূৰ্ব বৰ্মন, ৰূপম মিত্ৰ, ৰূপম জান, নৱনিতা, সৃষ্টি, ধৰিত্ৰী, ডিংকু, গৌৰৱ, নাৰায়ণ, প্ৰাণ, চিৰঞ্জীত,ইন্দ্ৰ, অভিজিত আৰু বহু ন-পুৰণি শিল্পীয়ে। নাটকখনত সংগীত কৰিছে কুশল মিৰ্জাই আৰু পোহৰ ডিম্পল কুমাৰ দাসৰ।