Spread the love

সামাজিক বাৰ্তাসমূহক মনোৰঞ্জনৰ আকাৰে ৰাইজৰ মাজত উলিয়াই অনাটোও এক কলা। কাকো পোনপটীয়াকৈ দোষাৰূপ নকৰি যদি আপুনি নিজৰ কথাবোৰ স্পষ্টকৈ উত্থাপন কৰিব পাৰিছে তেতিয়াহ’লে আপুনি সাৰ্থক। আমাৰ মনোৰঞ্জন ক্ষেত্ৰখনত সমাজৰ যিকোনো এটা বিষয়ক উদ্দেশ্যি প্ৰকল্পসমূহে মুক্তি লাভ কৰা আমি দেখিছো। আটাইৰে নিজা নিজা বৈশিষ্ট্য আছে। এনে প্ৰকল্পৰ আঁৰত থকা ব্যক্তিসকলৰ ভিতৰত অন্যতম হৈছে হিমাংশু প্ৰসাদ দাস। তেখেতৰ প্ৰতিটো গীত, কবিতা তথা নাটকত সমাজৰ বাবে একোটা বাৰ্তা ৰাইজে দেখিবলৈ পায়।

শেহতীয়াকৈ তেওঁৰ কণ্ঠৰে মুক্তি লাভ কৰিছিল এটা থিয়েটাৰী চং “বেলচা”। গানটোৰ কেইটামান শাৰী আপোনালোকৰ বাবে ইয়াতে আমি লিখি দিছোঁ-
“ড্ৰাগছৰ বেপাৰীক খেদি খেদি,
গুলি মাৰা ভৰিত ৰাতি ৰাতি।
ৰাজকোষ ভৰাল বুলি তুমিয়েই হাঁহি হাঁহি
বৰপীৰা দিয়া পাৰি মদৰ বেপাৰীক।”
-কিছুমান গীতৰ কথাই যেতিয়া ৰাইজক সংযোগ কৰে তেতিয়াই গীতটিৱে সফলতা লাভ কৰিবলৈ সক্ষম হয়। “বেলচা” নামৰ এই গীতটিৰ কমেণ্ট বক্সত যথেষ্ট শ্ৰোতাই ইতিবাচক কমেণ্টেৰে সঁহাৰি জনাইছে। হিমাংশু প্ৰসাদ দাসৰ কনচেপ্ট আৰু সৃষ্টিক পুনৰ বাৰ শ্ৰোতাই বহুল হাৰত প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

তেখেতক আমিও শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *