লেখিকা ইন্দ্ৰাণী শৰ্মাৰ নামটো শুনিলেই “মই চিনি পাওঁ” বা “তেওঁৰ লিখনি বোৰ খুব ধুনীয়া” বুলি ক’বলৈ বহুলোকে হাত দাঙিব। হয়, তেওঁ JEC ৰে পঢ়ুৱৈ সমাজত খলকনিৰ সৃষ্টি কৰিছিল আৰু সেই একেই খলকনি অব্যাহত আছিল “আবিৰ” লৈকে। আমি আগতেও কৈছোঁ, উপন্যাস, গল্প তথা সাহিত্য ক্ষেত্ৰখনৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে এক নিবিড় সম্পৰ্ক আছে। সেয়েহে, এই উপন্যাস সমূহ পঢ়ি আমোদ লোৱাৰ লগতে জনসাধাৰণে ইয়াক স্ক্ৰীণত উপভোগ কৰিও প্ৰশান্তি লভে। ইন্দ্ৰাণী শৰ্মাৰ বিষয়ে বিশেষভাৱে ক’বলগীয়া আৰু আছে জানো? তেওঁৰ চিনাকী তেওঁৰ উপন্যাসৰ মাজতেই আছে। সুন্দৰ শব্দ তথা বাক্য গাঁথনি, হৃদয়স্পৰ্শী কাহিনীৰে দুখনকৈ উপন্যাস ৰাইজক উপহাৰ দিয়া ইন্দ্ৰাণী শৰ্মাৰ অনুৰাগী বৰ্তমান ততোধিক।
“আবিৰ”, এনে এক সুন্দৰ প্ৰেম কাহিনী যিয়ে আপোনাক প্ৰথমৰ পৰা শেষলৈকে একে বহাতে পঢ়ি শেষ কৰিবলৈ বাধ্য কৰিব। প্ৰেম, বিষাদ, আনন্দ, ক্ৰোধ, সমাজৰ নিয়ম, পৰিয়ালৰ দায়বদ্ধতা ইত্যাদি প্ৰতিটো বিষয়ক এই উপন্যাসখনৰ জৰিয়তে উপস্থাপন কৰা হৈছে। আপোনালোকে বাৰু পঢ়িছেনে “আবিৰ”? যদিহে পঢ়া নাই, তেতিয়াহ’লে আৰু চিন্তাৰ কাৰণ নাই। কাৰণ অতিশীঘ্ৰে “স্পন্দন” নামে এটি নতুন টিভি চেনেলৰ জৰিয়তে এই উপন্যাসখনক ধাৰাবাহিক আকাৰে সম্প্ৰচাৰ কৰা হ’ব। ধাৰাবাহিক খনৰ দুই মুখ্য চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে প্ৰীতি কংকনা আৰু অমিত কুমাৰ বৰাই। তেওঁলোকে ইতিমধ্যে ধাৰাবাহিক খনৰ শ্বুটিং সময়ৰ বিভিন্ন ভিডিঅ’ আপলোড কৰিছে ছ’চিয়েল মিডিয়াত।
“আবিৰে” উপন্যাস আকাৰে বহুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। ধাৰাবাহিক আকাৰেও যে জনসাধাৰণে ইয়াক গ্ৰহণ কৰিব সেয়া একেবাৰে নিশ্চিত হৈ পৰিছে।