Spread the love

ইতিহাস থিয়েটাৰে চলিত নাট্যবৰ্ষত দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰা আমি কেইবাটাও ভিডিঅ’যোগে দেখিবলৈ পাইছোঁ। এইবাৰ “ইতিহাস” ৰ মঞ্চত যতীন বৰা থকাটোও অৱশ্যে প্ৰতিগৰাকী নাট্যপ্ৰেমীৰ বাবে উৎসাহৰ কাৰণ।

“ইতিহাস থিয়েটাৰ” ৰ এইবাৰৰ তিনিওখন নাটকৰ ভিতৰত আটাইতকৈ চৰ্চিত নাটকখন আছিল “মহাবীৰ লাচিত”। জনসাধাৰণে সমালোচনা কৰিছিল যদিও শেহতীয়াকৈ মঞ্চত “বীৰ লাচিত” ৰ চৰিত্ৰত যতীন বৰাক দেখি সকলোৱে প্ৰশংসা কৰি ৰৈছে। অভিনয়ৰ দিশত যতীন বৰাৰ পাৰদৰ্শিতা কোনো দৰ্শকেই নুই কৰিব নোৱাৰে আৰু তেনেক্ষেত্ৰত অভিনেতাগৰাকীয়ে বিগত বহু বৰ্ষৰ পিছত ভ্ৰাম্যমাণলৈ উভতি আহি যি দূৰ্দান্ত অভিনয় কৰিছে তাৰ শলাগ লৈছে এতিয়া প্ৰত্যেকে।

এই ভিডিঅ’টো মিৰ্জাৰ। সামাজিক মাধ্যম যোগে নিজেই এই ভিডিঅ’টো শ্বেয়াৰ কৰি যতীন বৰাই উপস্থিত দৰ্শকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *