Spread the love

“চেলেঞ্জ”- দমদাৰ লুকেৰে যতীন বৰা- নতুন ছবি, নতুন কাহিনীঃ

যতীন বৰাৰ “চেলেঞ্জ”… এয়া হয়টো তেওঁৰ জীৱনক লৈ কৰা চেলেঞ্জ হ’ব পাৰে অথবা পৰিস্থিতিয়ে অনা “চেলেঞ্জ” ৰ ঘটনাকো উদ্দেশ্যি হ’ব পাৰে। আপোনালোকে বেছিকৈ ভৱাৰ আগতেই আমিয়ে কৈ দিছোঁ ৰ’ব, এয়া এখন আগন্তুক অসমীয়া ছবিৰ নামহে -“চেলেঞ্জ”। য’ত এটা দমদাৰ লুকেৰে যতীন বৰাক দেখিবলৈ পোৱা গ’ল ফাৰ্ষ্ট লুক পষ্টাৰ খনত। আনহাতে এই ছবিখনত যতীন বৰাৰ বিপৰীতে আৰু আন এটা মুখ্য চৰিত্ৰত অভিনয় কৰিব বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীয়ে, যিগৰাকীৰ বিষয়ে অনাগত দিনত আমি জানিবলৈ পাম।

মুম্বাই চিনে মেলডীৰ বেনাৰত এম.মাছম অলমৰ প্ৰযোজনাৰে আৰু এন জে তথা এদল যুৱ পৰিচালকৰ পৰিচালনাৰে নিৰ্মাণ হ’বলগীয়া “চেলেঞ্জ” ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ হৈছে অভিজিত ভট্টাচাৰ্যৰ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো মুকলি কৰাৰ মানস কৰা এই ছবিখনক অসমীয়াৰ লগতে হিন্দী আৰু বাংলা ভাষাতো মুক্তি দিয়া হ’ব। দিল্লী, লক্ষ্ণৌ আৰু হায়দৰাবাদৰ ৰামজী ষ্টুডিঅ’ ত শ্বুটিং চলিবলগীয়া উক্ত ছবিখনত দৰ্শকে অসমীয়া আৰু বাংলা ছবি জগতৰ বহু জনপ্ৰিয় তাৰকাক দেখিবলৈ পাব।

ইয়াত সংগীত আৰু আৱহ সংগীতৰ দায়িত্বত আছে অজয় ফুকন। ছবিখনত সংযোজন ঘটিবলগীয়া ৫ টা গীতত কণ্ঠদান কৰিব অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পীয়ে। চিত্ৰগ্ৰহণ কৰিব গ’গ’ৰ আৰু একশ্বন পৰিচালনা ৰাজেশ কান্নাড়ৰ। সহঃ প্ৰযোজনা কৰিছে চৈয়দ হাফিজুল ইছলামে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *