Spread the love

নতুন লুকত অভিনেতা যতীন বৰাক। শেহতীয়াকৈ সামাজিক মাধ্যমত অভিনেতা গৰাকীয়ে তেওঁৰ নাটকৰ নতুন পষ্টাৰখন শ্বেয়াৰ কৰি অনুৰাগীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ভ্ৰাম্যমাণ জগতৰ পৰা বিগত বহু বছৰ ধৰি আঁতৰি আছিল যতীন বৰা। কিন্তু ২০২৪ চনটো যেন তেওঁৰ লগতে তেওঁৰ অনুৰাগীসকলৰ বাবে বিশেষ হৈ পৰিছে।

“ইতিহাস থিয়েটাৰ” ৰ মঞ্চত চলিত নাট্যবৰ্ষত যতীন বৰাক দেখিবলৈ পাব দৰ্শকে। এইখন নাটক অভিজিৎ ভট্টাচাৰ্যৰ “মহাৰাজ”। আপোনালোকে নিশ্চয় মন কৰিছে, অভিনেতা যতীন বৰা “ৰাঘৱ” ৰ পিছত পূৰ্ণগতিত ব্যস্ত হৈ পৰিছে। “অগ্নিবাণ” ছবিৰ শ্বুটিঙত তেওঁক একচনত দেখাৰ পৰৱৰ্তী সময়ত আমি তেওঁৰ আন এখন ছবি “ককাদেউতা নাতি আৰু হাতী ২” ৰ বিষয়েও জানিবলৈ পাইছিলোঁ।

বাকী যিয়েই নহওঁ, মঞ্চত পুনৰ এবাৰ যতীন বৰাক এনেদৰে দেখিবলৈ পোৱাটো দৰ্শকৰ বাবে এক ভাল লগা বিষয় হৈ পৰিব বুলি সমগ্ৰ অসমবাসীৰ লগতে আমিও আশা প্ৰকাশ কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *