কাব্যঋষি নীলমণি ফুকনৰ সৃষ্টিৰাজিক সুৰেৰে সঁজাই শ্ৰোতাৰ বাবে আগবঢ়ালে শিল্পী জয় বৰুৱাই। “টোপনিতো তেওঁ মোক খেদি ফুৰিছিল” শীৰ্ষক কবিতাটোক শেহতীয়াকৈ মুক্তি দিয়া হৈছে শ্ৰোতা সকলৰ মাজত। কিছুমান গীতে আমাৰ মনলৈ প্ৰশান্তি আনে। তাত অন্তনিৰ্হিত কথাবোৰ যেতিয়া বোধগম্য হৈ উঠে আমি তেতিয়া গীতবোৰৰ সৈতে এগৰাকী শ্ৰোতা হিচাবে বেছিকৈ সংযোগ কৰিব পাৰোঁ।
“আছেনে বাৰু তেওঁ দুচকুত
সেই দুটা ক’লা ঘোঁৰা?
আজিও মোৰ নিতৌ নিশা
কলিজা গছকি ৰয়।”
কবিতাটো যিমানেই জনপ্ৰিয় সিমানেই গীতটোকো অসমীয়া শ্ৰোতাই আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে জয় বৰুৱাই। গীতটিত কণ্ঠদান কৰাৰ লগতে সংৰচনা, সংগীত প্ৰযোজনাৰ দায়িত্বত আছে তেওঁ। আনহাতে, অতিথি কণ্ঠ হিচাবে কণ্ঠ নিগৰাইছে শংকুৰাজ কোঁৱৰে লগতে গীতটিত পিয়ানো বজাইছে তেখেতে। গীটাৰ মনস্কাম মহন্তৰ আৰু মিশ্ৰণ-মাষ্টাৰ ইবচন লাল বৰুৱাৰ। অনুবাদ কৰিছে প্ৰিয়ংকু শৰ্মাই। জয় বৰুৱা কণ্ঠ ব্যতিক্ৰম হোৱাৰ উপৰিও তেওঁৰ গীতসমূহতো শ্ৰোতাই প্ৰতিবাৰেই বিচাৰি পায় নতুন সোৱাদ, নতুন আৱেগ।
এটি গীতক মৰ্মে মৰ্মে অনুভৱ কৰি যদি আপুনিও কিছু সময় প্ৰশান্তি ল’বলৈ বিচাৰিছে তেতিয়াহ’লে জয় বৰুৱাই আপোনাক দিছে এই উপহাৰ।