Spread the love

আমাৰ সমাজত বিভিন্ন কথা ৰাজহুৱাভাৱে পাতি তাৰ বিষয়ে সজাগতা সৃষ্টিৰ অত্যন্ত প্ৰয়োজন থাকে যদিও আমি সেইবোৰ পাতিবলৈ সংকোচবোধ কৰোঁ, লাজ কৰোঁ। এনে ভাৱ হয় যেন সেয়া কোনো অইন ব্যক্তিয়ে শুনিলে আমাক ঘৃণা কৰিব। অৱশ্যে এই আমাৰ সংকোচ অথবা ভয়ৰ বাবে সমাজত বৃদ্ধি পায় অপৰাধৰ। আমি আপোনালোকক ক’ব খোজা এনে এক বিষয় হৈছে সমকামিতা। ২০১৮ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৭ ৰ অধীনত ভাৰতত সমকামিতা বৈধ বুলি ঘোষণা কৰিছিল। কিন্তু তৎস্বত্বেও আমাৰ মাজৰ বহুলোকে এই বিষয়টোক আঁকোৱালি নলয়।

সমকামিতাৰ বিষয়টোক লৈ ইতিমধ্যে বহু কেইটা প্ৰকল্পই মুক্তি লাভ কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনত। গোটেইবোৰ প্ৰকল্পই দৰ্শকৰ সঁহাৰি লাভ কৰিছে যদিও ক’ৰবাত নহয় ক’ৰবাত ইয়াক ব্যাধি হিচাবেই গ্ৰহণ কৰা হয়। এই “সমকামিতা” ৰ বিষয়টোক লৈয়ে অসমীয়া ছবি এখন নিৰ্মাণ কৰি থকা হৈছে। ছবিখনৰ নাম “সত্য- The Truth”। অসমত সমকামী সম্পৰ্কৰ বিষয়ক আধাৰ হিচাবে লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনৰ বিভিন্ন আপডেট ইতিমধ্যে মুখ্য চৰিত্ৰত অভিনীত অভিনেতা উৎপল দাসে ৰাইজক প্ৰদান কৰি আহিছে। তিলোত্তমা বৰঠাকুৰৰ প্ৰযোজনাৰে ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে ৰূপজ্যোতি ঠাকুৰ। কাহিনী লিখিছে উৎপল উপমান্যই লগতে চিত্ৰনাট্য পৰিচালনা কৰিছে পৰিচালক গৰাকীৰ নিজৰেই। সংগীত কৰিছে দিগন্ত ভাৰতী আৰু তৰালী শৰ্মাই।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *