Spread the love

কাইলৈ সন্ধিয়া মুক্তিৰ বাবে সাজু এটি নতুন প্ৰেমৰ গীত

“কিনো দিলা, কিনো নিলা”-

কাইলৈ সন্ধিয়া বৰণ বিকাশ আৰু বৰ্ণালী মহন্তৰ কণ্ঠৰে মুক্তিৰ বাবে সাজু হৈ উঠিছে এটি নতুন গীত “কিনো দিলা কিনো নিলা”। ফাগুন পাৰ হৈ গ’ল, কিন্তু প্ৰেম প্ৰেম লগা অনুভৱবোৰ আজিও জীপাল হৈ আছে সকলোৰে মাজত। আচলতে, প্ৰেম তেনেকুৱাই। য’ত প্ৰাপ্তিৰ হাবিয়াস থাকে তাত প্ৰেমৰ উপস্থিতি থাকে। প্ৰেমক লৈ হোৱা সৃষ্টি হৈছে বিভিন্ন কিবা কিবি, তাৰ মাজত উক্ত গীতটিও এটা।

ৰেম্পী সিঙৰ প্ৰযোজনাৰে আহিবলগীয়া গীতটোৰ কথাও বৰণ বিকাশ আৰু বৰ্ণালী মহন্তৰ। সুৰ বৰণ বিকাশৰ আৰু সংগীত দ্বীপকেশ বৰগোঁহাইৰ। ভিডিঅ’সহ মুক্তি পাবলগীয়া এই গীতটোৰ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে। ইয়াত অভিনয় কৰিছে ক্ৰমে আলিস্মিতা গোস্বামী, বিবেক বৰা, বৰ্ষা, আৰ্হি, বৰণ আৰু বৰ্ণালীয়ে।

JN Music ত কাইলৈ সন্ধিয়া এই নতুন গীতটোক উপভোগ কৰিব পাব আপুনি।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *