Spread the love

বিবাহৰ দৰে গম্ভীৰ বিষয়ক লৈ নিৰ্মিত “কইনা ১.০”, সঁহাৰি দৰ্শক ৰাইজৰঃ

মানৱ জীৱনৰ তিনিটা বিষয় অপৰিহাৰ্য ভাৱে সম্পন্ন হয়। সেয়া হৈছে জন্ম, মৃত্যু আৰু বিবাহ। ইয়াৰ মাজত, আমি আজি অকণমান বিবাহৰ প্ৰসংগক লৈ ক’ব ওলাইছোঁ।এক অনাবিল সুখৰ অনুভুতি আৰু অভিজ্ঞতাৰে পৰিপূৰ্ণ তথা দুখন সঁচা অন্তৰ মিলনেই হৈছে বিয়া। এক সামাজিক বান্ধোন এয়া। সুখানুভূতি আৰু অনাগত দিনত আহিবলগীয়া বিভিন্ন অভিজ্ঞতাক ঐক্যবদ্ধভাৱে পালন কৰাৰ এক বিশ্বাসেই হৈছে বিবাহ। এ পি কিউৰাছে বিবাহৰ ক্ষেত্ৰত কৈছিল যে, ‘জীৱনত সুখ উপভোগ কৰিবলৈ হ’লে আনকো সেই সুখৰ সমভাগী কৰিব পাৰিব লাগিব৷ এনে কৰাটো কেৱল উদাৰতাই নহয়, বুদ্ধিমানৰো কাম৷’ এই বিবাহৰ এক সুন্দৰ কনচেপ্টক লৈ শেহতীয়াকৈ মুক্তি লাভ কৰিছে এখন নতুন চুটি ছবি “কইনা ১.০”। দুজন অচিনাকী ব্যক্তিবিশেষৰ বিয়াৰ আগদিনাৰ কিছু ঘটনা-পৰিঘটনাক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে এই চুটি ছবিখন। 4films ৰ বেনাৰত নিৰ্মিত এই চুটি ছবি “কইনা” ৰ মুক্তিৰ পিছতেই বহুল হাৰত দৰ্শকেই সঁহাৰি জনাইছে। প্ৰত্যেক দেশ, জাতি-জনগোষ্ঠীয়ে সমাজত বিবাহৰ পৰম্পৰা আৰু নীতি-নিয়ম ইত্যাদি ভিন্ন যদিও উদ্দেশ্য হৈছে এটাই যে দুখন হৃদয়ৰ মিলন।

শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত চুটি ছবি “কইনা” ত অভিনয় কৰিছে দীপ্ৰাঞ্জল হাজৰিকা, আলিস্মিতা গোস্বামী, প্ৰশান্ত গোস্বামী, কংকনা, অভিজিৎ, নিতুল ঠেংগাল আৰু দ্বীপে। চুটি ছবিখনৰ পৰিচালনা কৰিছে এন.জে য়ে। চিনেমেটোগ্ৰাফীৰ দায়িত্বত আছে ভাস্বত ভূঞাৰ লগতে সহযোগী চিনেমেটোগ্ৰাফাৰ হিচাবে আছিল ৰক্তিম হাজৰিকা। চুটি ছবিখনত সংগীত কৰিছে অংশুমান বৰাই আৰু এডিশ্বনেল সংগীত প্ৰাঞ্জল হাজৰিকাৰ। সম্পাদনা আৰু ৰং তিলক ৰঞ্জন হাজৰিকাৰ। সহঃ পৰিচালনা কৰিছে নিলোৎপলে লগতে ৰূপসজ্জা নিতুল ঠেংগালৰ। প্ৰযোজনা ভাস্কৰ দত্তৰ আৰু প্ৰডাকচন মেনেজাৰৰ দায়িত্বত আছে অনুৰাগ গগৈ। বিয়াৰ দৰে গুৰুগম্ভীৰ এক বিষয়ক সুহুতীয়া ধৰণে উপস্থাপন কৰা হৈছে চুটি ছবিখনত। পৰিচালনাৰ পৰা আৰম্ভ কৰি অভিনয়ৰ ক্ষেত্ৰতো এক মজবুত দিশ প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে এই চুটি ছবিখনত।

চুটি ছবিখনৰ প্ৰথমটো সংস্কৰণৰ জনপ্ৰিয়তাৰ পিছত দ্বিতীয়টো সংস্কৰণক লৈ অপেক্ষাৰত অসমীয়া মনোৰঞ্জনপ্ৰেমী দৰ্শক সকল। চুটি ছবিখনৰ প্ৰতিগৰাকী কলা-কুশলীক Jollywood Now ৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা তথা অভিনন্দন…


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *