মাঘ বিহুৰ প্ৰাকক্ষণত আচুৰ্য্য বৰপাত্ৰ আৰু বিজয় শংকৰৰ “কচু বিহু”-
সমাগত অসমীয়াৰ বাপতি সাহোন মাঘ বিহু। সত্তা আৰু জীৱনবোধৰ সবল অভিব্যক্তি হৈছে মাঘ বিহু। মাঘ বিহুক লৈ অসমীয়াৰ আদৰেই সুকীয়া। নাই আপোনালোকক আমি আকৌ এবাৰ মাঘ বিহু তথা উৰুকাৰ দিনাৰ ৰাতিৰ ভোজটোৰ কথা ক’বলৈ যোৱা নাই। মাঘ বিহুৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই দিছে এক সুন্দৰ উপহাৰ, গীতটিৰ নাম “কচু বিহু”। মাঘ বিহুৰ প্ৰাকক্ষণত মুক্তিপ্ৰাপ্ত আচুৰ্য্য বৰপাত্ৰৰ শেহতীয়া গীতটিয়ে লাভ কৰিছে বহুল সমাদৰ। ভোগালী বিহুৱে যে মানুহৰ আপোনপেটীয়া মনোভাৱৰ বিপৰীতে সমিলমিলেৰে ভগাই-পিতাই খোৱাৰ মাজেৰে আত্মিক বান্ধোনৰ কথা কয়, এই গীতটিয়ে তাৰ প্ৰমাণ। আচুৰ্য্য বৰপাত্ৰৰ সৈতে যুটীয়াভাৱে কণ্ঠদান কৰিছে যুৱ প্ৰতিভা বিজয় শংকৰে। ইতিমধ্যে বহু গীতৰ সফলতাৰ আঁৰত বিজয় শংকৰৰ নাম আমি দেখিবলৈ পাইছোঁ।
সদ্যমুক্তিপ্ৰাপ্ত “কচু বিহু” ৰ কথা পাপলু চেতিয়া আৰু শোণিত গগৈৰ । সংগীত প্ৰযোজনা দেৱইউনৰ লগতে গীতাৰ বজাইছে ইশানুৱে। ঢোল বজাইছে পংকজ বৰাই আৰু শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈৱে। এ.বি প্ৰডাকচন আৰু ষ্টুডিঅ’ কিৰিলিৰ বেনাৰত প্ৰস্তুতিত “কচু গীত” ক এইবাৰ মাঘ বিহুৰ উৰুকাৰ ৰাতি আপোনালোকে বিভিন্ন ভোজস্থলীত শুনিবলৈ যে পাব সেয়া নিশ্চিত। গীতটিৰ ইউটিউবৰ কমেণ্ট বক্সত আপোনালোকেও এই কথাষাৰৰ প্ৰমাণ পাব। বিয়াৰ বতৰত “আমডালি কাটিব” শীৰ্ষক গীতটিৰ যি জনপ্ৰিয়তা আমি পৰিলক্ষিত কৰিলোঁ সেয়া সঁচাকৈ শলাগিবলগীয়া। পৰিস্থিতি অনুযায়ী একোটা গীতৰ মুক্তি দি আচুৰ্য্য বৰপাত্ৰই অনুৰাগীৰ শাৰী দীঘলীয়া কৰিছে।
বিহু এটি পৰম্পৰা নহয়, ই সংস্কৃতিৰ মূল চানেকি, অসমীয়াৰ প্ৰেৰণা। গতিকে আহক এই মাঘ বিহুতেই আমি আমাৰ একতাৰ বান্ধোনডাল কটকটীয়া কৰি শুনো আচুৰ্য্য বৰপাত্ৰৰ “কচু বিহু”…