Spread the love

অলপতে অসমীয়া সংগীত ক্ষেত্ৰত নৱপ্ৰজন্মই এক আলোড়ণৰ সৃষ্টি কৰিছিল। তেওঁলোকৰ প্ৰতিটো গীতৰ বিষয়বস্তুৱেই আকৰ্ষণ কৰিছিল শ্ৰোতাক, EDM অৰ্থাৎ সংগীত ক্ষেত্ৰখনত সন্নিৱিষ্ট হোৱা এক নতুন মাধ্যম “Electronic Dance Music” ক জনসাধাৰণৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বহুল ভাৱে হাত হৈছে একোগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ। তথাকথিত একাংশ গীতৰ তুলনাত এই গীত সমূহৰ সফলতা আমি কোনোপধ্যেই নুই কৰিব নোৱাৰোঁ। এই EDM ক্ষেত্ৰখনত খোজ পেলাই শ্ৰোতাক মোহাচ্ছন্ন কৰা সান্নিধ্য ভূঞাৰ বিষয়ে আপোনাক হয়টো নতুনকৈ এবাৰ কোৱাৰ কোনো প্ৰয়োজন নাই। “জাকৰুৱা”, “মতলীয়া ২.০”, “জীপাল ২.০” ইত্যাদি বিভিন্নটা সান্নিধ্যৰ গীতে মিলিয়নৰ অংকত ইউটিউবত ভিউৱাৰচ লাভ কৰিছে। লগতে, বহু শ্ৰোতাৰ প্লে-লিষ্টত বাৰম্বাৰ ঘূৰি থকা গীতসমূহৰ মাজৰ অন্যতম এই গীত সমূহ।

শেহতীয়াকৈ সান্নিধ্য ভূঞাৰ অনুৰাগী সকললৈ লৈ আনিছোঁ এক নতুন খবৰ। সান্নিধ্য ভূঞাৰ সাংগীতিক জীৱনৰ প্ৰথমটো মিউজিক এলবাম মুক্তি লাভ কৰিবলৈ সাজু হৈছে। এলবামটিৰ প্ৰথমটো গীত “কথা কবিতা” ৰ টিজাৰ ইতিমধ্যে ৰাইজৰ মাজলৈ উলিয়াই দিয়া হৈছে। এই গীতটি লিখিছে মৃত্যুঞ্জয় কাকতিয়ে আৰু সংগীত কৰিছে Aarxslan য়ে। উল্লেখ্য যে, বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত, সেই চিৰযুগমীয়া গীতবোৰৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গ, তৰালী শৰ্মা আদিৰ কণ্ঠৰে নিগৰা সেই হৃদয়সিক্ত কৰা গীতবোৰলৈ অসমীয়া সংগীত প্ৰেমী শ্ৰোতাই সংগীতৰ এক সুন্দৰ ধাৰা উপভোগ কৰিবলৈ সক্ষম হৈছে। অনাগত সময়টো নৱপ্ৰজন্মৰ পৰা এই প্ৰয়াস তথা প্ৰচেষ্টাৰ আশা কৰে প্ৰতিগৰাকী শ্ৰোতাই।

সান্নিধ্য ভূঞাৰ নিজা এই এলবামটোৰ জৰিয়তে আৰু অধিক সফলতা লাভ কৰক, তাকে কামনা কৰিছোঁ। তেওঁৰ লগতে সমগ্ৰ টীমটোক Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *