লুইতৰ পাৰ জিলিকাই ৰখা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃতিক লৈ নিৰ্মিত “কৃষ্ণচূড়া.com”- অতিশীঘ্ৰে কাষ চাপিব ৰাইজৰঃ
গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ বিচৰা তথা বিশ্ববিদ্যালয়খনৰ বাস্তৱ অভিজ্ঞতা সমূহক জীয়াবলৈ বিচৰা এখন শিক্ষানুষ্ঠান। লুইতৰ পাৰ জিলিকাই ৰখা এই কৃষ্ণচুড়াৰ দেশ খ্যাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃতি, শিক্ষা, আৱেগ-অনুভূতি ইত্যাদি বিভিন্ন বিষয়ক সামৰি মুক্তি পাবলৈ সাজু হৈছে এখন ৱেব চিৰিজ “কৃষ্ণচূড়া.com”। নতুন বছৰৰ পহিলা দিনটোত চিৰিজখনৰ এটা টিজাৰ মুক্তি দিয়া হৈছিল। আৰু মুক্তি পোৱাৰ পিছতেই এই চিৰিজখনে খলকনিৰ সৃষ্টি কৰিছে সাংস্কৃতিক মহলত। অৱশ্যে, যুৱপ্ৰজন্মক সংযোগ কৰাৰ যিকোনো এটা প্ৰকল্প নিৰ্মাণৰ যেতিয়াই খবৰ আহে তেতিয়াই এই প্ৰকল্পটো মুক্তিৰ পূৰ্বেই বহুলভাৱে চৰ্চালৈ আহে। “কৃষ্ণচূড়া.com” ও তেনে এক ধৰণৰেই প্ৰকল্প। চিৰিজখনৰ যুৱ পৰিচালক প্ৰণৱ ভৰালীৰ সৈতে Jollywood Now ৰ হোৱা এক এক্সক্লুচিভ কথা-বতৰা যোগে তেওঁ জনায় যে,
“চিৰিজখন যদি এটা শাৰীতেই ক’বলগীয়া হয় তেতিয়া হ’লে এয়া হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃতিক লৈ নিৰ্মাণ কৰা এখন চিৰিজ। য’ত ৰাজনীতি, সক্ৰিয়তা, হোষ্টেল সংস্কৃতি, প্ৰেম ইত্যাদি অবিৰত ভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত চলি থকা ঘটনা-পৰিঘটনা সমূহক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে। এই ৱেব চিৰিজখনত ৪০০০ ৰো অধিক অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰায় সকলোখিনি ছাত্ৰ-ছাত্ৰীকেই ইয়াত ৰাইজে দেখিবলৈ পাব। সেয়েহে, মোৰ চিৰিজখনত কোনে কোনে অভিনয় কৰিছে বুলি প্ৰশ্ন কৰিলে ক’বলৈ অকণমান অসুবিধা হয়। ইয়াৰোপৰি, ৱেব চিৰিজখনৰ মুখ্য চৰিত্ৰতো প্ৰায় ৬০-৭০ গৰাকীয়ে অভিনয় কৰিছে। তাৰ মাজতো যদি নাম ল’বলৈ হয় তেতিয়াহ’লে কমল লোচন, কুইন শিৱম, প্ৰীতি প্ৰিয়দৰ্শনী, হিতাৰ্থ বৰা, কৌশিক নাথ, ৰনাল্ড হুচেইন আৰু কস্তুৰী শিৱমৰ কথা ক’ব লাগিব। মই এইখিনিতে ডি অ’ পি গৰাকীৰ নাম ল’বই লাগিব, চন্দ্ৰ কুমাৰে যথেষ্ট কষ্ট কৰিছে ইয়াত। তেওঁৰ কষ্টৰ ফলতেই চিৰিজখন অধিক উপভোগ্য হৈ উঠিব বুলি মই আশাবাদী। সম্পাদনাত আছে উদ্দীপ্ত ভট্টাচাৰ্য্যই। আনহাতে সহ পৰিচালনাত আছে জিতুল ৰাজবংশী, শান্তনু কলিতা আৰু চিমিয়ে।
উল্লেখ্য যে, “কৃষ্ণচূড়া.com” ৰ পৰিচালনাৰ লগতে কাহিনীভাগ লিখিছে যুৱ পৰিচালক প্ৰণৱ ভৰালীয়ে নিজেই। সাজু হৈ উঠা “কৃষ্ণচূড়া.com” ক লৈ এতিয়া অপেক্ষাৰত সকলো…