যদিও পূৰাব নোৱাৰি তেওঁৰ ঠাই, তথাপিও কন্যা কমলিকাৰ চেষ্টা…
ভিতালী দাস অবিহনে বিহুটিক আধৰুৱা নকৰিবলৈ-
পষ্টাৰখন এইবাৰ অকণমান ব্যতিক্ৰম। আমি বিহুৰ সময়ছোৱাত কৈছিলোঁ যে ভিতালী দাস অবিহনে বিহু আধৰুৱা, সেয়েহে এইবাৰ তেওঁৰ কন্যা কমলিকা কাশ্যপৰ কণ্ঠৰে আহি আছে কেইটামান বিহু গীত। পষ্টাৰখনত ভিতালী দাসৰ ঠাইত তেওঁৰ কন্যাক দেখি একাংশ অনুৰাগী উৎফুল্লিত হোৱাৰ লগতে আন একাংশ শোকাহত হৈ পৰিছে। এইখিনিতে, আমি এটা কথা উল্লেখ কৰিব লাগিব যে ভিতালী দাসে তেখেতৰ হাতখন কন্যাৰ মূৰৰ ওপৰত ৰাখি আশীৰ্বাদ দিছে। আপুনি কমলিকাৰ কণ্ঠত শুনিবলৈ পাব ভিতালী দাসক, এই কথাষাৰত শুনোতাসকলে একাষাৰে হয়ভৰ দি আহিছে।
জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই ভিতালী দাসৰ স্মৃতিত উৎসৰ্গা কৰি “ৰাংঢালী ২৪” ৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে, কেইবাটাও বিহুগীতত কৃষ্ণমণিয়ে ভিতালী দাসৰ সৈতে কণ্ঠদান কৰাৰ পিছত এইবাৰ তেওঁৰ কন্যাক সেই সুযোগ প্ৰদান কৰিছে। এইবাৰ অসমবাসীৰ বাবে বিহু আধৰুৱা নহ’ব হয়টো!
“ৰাংঢালী ২৪” ৰ গীতকেইটাৰ ইতিমধ্যে মিক্সিং কৰি থকা হৈছে বুলি শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে কৃষ্ণমণিয়ে।