২০১৩ বৰ্ষত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতৰ সমৰকলাৰ শৈলী কুংফুক লৈ কেনী বসুমতাৰীয়ে নিৰ্মাণ কৰি উলিয়াইছিল “লোকেল কুংফু”। এটা মাত্ৰ ডিএছএলআৰ কেমেৰাৰে পৰিয়ালৰ কেইগৰাকীমান ভাতৃ-ভগ্নীক লৈ কেনীয়ে নিৰ্মাণ কৰা উক্ত ছবিখনে দৰ্শকৰ ইমানেই মন জয় কৰিছিল যে এইবাৰ এই ছবিখনৰ তৃতীয়টো সংস্কৰণ মুক্তিৰ বাবে সাজু হৈ উঠিছে। আপোনালোকক ইতিমধ্যে আমি কেইবাবাৰো উল্লেখ কৰিছিলোঁ যে “লোকেল কুংফু” ৰ বাজেট কম আছিল যদিও সেই ছবিখনৰ কেইটামান সংলাপে আজি ১১ বছৰ পিছতো দৰ্শকৰ মনত সাঁচ বহুৱাই ৰাখিছে। আমি কোৱাৰ লগে লগে আপোনালোকৰ মনলৈও আহিছে নহয় সেই বিশেষ সংলাপটো?
এইবাৰ “লোকেল কুংফু ৩” মুক্তি লাভ কৰিব অহা ৫ ছেপ্টেম্বৰ তাৰিখে। অভিনেতা বনী দেউৰী, উৎকল হাজোৱাৰী, বিভাষ সিনহা, জনী দেউৰীকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা এই ছবিখনৰ এইবাৰৰ মুখ্য আকৰ্ষণ হ’ব অভিনেত্ৰী ৰিম্পী দাস। পুনৰ এবাৰ দৰ্শকে ৰিম্পী দাসক দেখিবলৈ পাব ৰূপালী পৰ্দাত। ছবিখনৰ দুয়োটা সংস্কৰণ অতি কম বাজেটত নিৰ্মাণ কৰা হৈছে, কিন্তু ইয়াত দৰ্শকৰ সঁহাৰি সঁচাকৈ মানিবলগীয়া।
আগন্তুক ৫ ছেপ্টেম্বৰ তাৰিখে মুক্তি পাবলগীয়া “লোকেল কুংফু ৩” ৰ বাবে জনসাধাৰণৰ মাজত বিৰাজ কৰা চৰ্চাই আচলতে ছবিখনৰ প্ৰতি দৰ্শকৰ থকা মৰমক দৰ্শায়।