Spread the love

“লাহৈ লালুঙনী” ৰ বহুল জনপ্ৰিয়তাৰ পিছতেই মৈত্ৰেয়ী পাটৰৰ আন এটি গীত “তাইৰ কথা” য়ে মুক্তি লাভ কৰাৰ দিশে আগবাঢ়িছে। কণ্ঠশিল্পীৰ লগতে গীতিকাৰ তথা কবি হিচাবে জনমানসত সমাদৰ লাভ কৰা মৈত্ৰেয়ী পাটৰে নিজেই লিখিছে যে, “লাহৈ-লালুঙনী” ক আপোনালোকে দিয়া অফুৰন্ত মৰমৰ সাহসতে ক’বলৈ লৈছোঁ “তাইৰ কথা”। অসমীয়া শ্ৰোতা-দৰ্শকক নিজৰ প্ৰতিটো সৃষ্টিৰাজিৰে আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰা মৈত্ৰেয়ী পাটৰৰ আগন্তুক গীতটোক লৈ অপেক্ষাৰত তেওঁৰ অনুৰাগী সকলো। থলুৱা সংগীতৰ পৰা আৰম্ভ কৰি পাশ্চাত্যৰ এক ধাৰা অসমীয়া সংগীতৰ লগত মিলোৱাই নহওঁক কিয় প্ৰত্যেকতে এইগৰাকী সংগীতশিল্পীয়ে নিজক এক সুন্দৰ ৰূপত জনসাধাৰণৰ মাজলৈ লৈ আনিছে।

মৈত্ৰেয়ী পাটৰৰ আহিবলগীয়া “তাইৰ কথা” শীৰ্ষক গীতটিত কণ্ঠদান কৰাৰ লগতে ইয়াৰ কথা লিখিছে তেওঁ নিজেই। গীতটিত সুৰ আৰু সংগীতৰ দায়িত্ব বহন কৰিছে পল্লৱ তালুকদাৰৰ লগতে ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই। আমি প্ৰত্যেকেই এটা কথাৰ নিশ্চিতি প্ৰদান কৰিবই লাগিব যে, মনোৰঞ্জন জগতখনত একোটা বিষয়ৰ কাৰিকৰী দিশৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিটো ক্ষেত্ৰত অসম তথা হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত সমানেই দপদপাই থকা একোজন অসমীয়াই প্ৰায় প্ৰতিটো মুহূৰ্ততে গৌৰৱান্বিত কৰি আহিছে অসমবাসীক। মৈত্ৰেয়ী পাটৰো এনে এগৰাকীয়ে শিল্পী, যিয়ে আমাক নিজৰ প্ৰতিটো সংগীতৰ জৰিয়তে গৌৰৱ অনুভৱ কৰোৱাই আহিছে।

তেখেতৰ এই আহিবলগীয়া “তাইৰ কথা” শীৰ্ষক গীতটোৰ বাবে Jollywood Now ৰ পৰা জনাইছোঁ অলেখ অযুত শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *