Spread the love

ভৃগু কাশ্যপৰ নতুন গীত “মাইনা তেনেকুৱা নহয়” ৰ জনপ্ৰিয়তাঃ

নৱবৰ্ষৰ সমান্তৰালকৈ আমাৰ ৰাজ্যৰ সকলো লোকেই অকণমান সময় পৰিয়াল তথা আপোনজনৰ সৈতে সময় কটাব বিচাৰে। সেইবাবেই পিকনিকৰ অৰ্থাৎ বনভোজৰ পৰা আৰম্ভ কৰি একান্ত সময় কটাবলৈ বহুতেই দূৰ দূৰণিৰ বিভিন্ন ঠাইলৈ যোৱা পৰিলক্ষিত হয়। নাই আপোনালোকে ভুল ভাবিছে, আজি আমি অসমৰ পিকনিকৰ সময় তথা অইন প্ৰাকৃতিক সৌন্দৰ্য্যৰ বিষয়ে ক’বলৈ নাই বিচৰা। আপোনালোকক এইবাৰ পিকনিকত বজাব পৰাকৈ এটা নতুন গানৰ কথাহে ক’ব বিচাৰিছোঁ। গানটো হৈছে ভৃগু কাশ্যপৰ “মাইনা তেনেকুৱা নহয়”। গানটোৰ অডিঅ’ সংস্কৰণটি ২ সপ্তাহ পূৰ্বে মুক্তি লাভ কৰিছিল আৰু অহা ৫ জানুৱাৰী, ২০২৩ তাৰিখে গীতটিৰ ভিডিঅ’টোৱে মুক্তি লাভ কৰিব। উল্লেখ্য যে, গীতটিৰ অডিঅ’ সংস্কৰণটোৱে ইতিমধ্যে ১ মিলিয়নতকৈ অধিক ভিউৱাৰচ লাভ কৰিছে। গীতটিত কথা দিছে শোণিত গগৈৱে, সংগীত পুলক নাথৰ। লগতে, মিক্স মাষ্টাৰিং কৰিছে দিগন্ত বৰদলৈয়ে আৰু বাঁহী অঞ্জন মেধিৰ।

মুক্তি পাবলগীয়া ভিডিঅ’টোত অভিনয় কৰিছে ভৃগু কাশ্যপৰ পত্নী তথা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী, দীপাংকৰ ৰয়, বলীন বৰা, সৌভিক ৰাজবংশী আৰু পাখি ৰাজবংশীয়ে। গীতটিৰ ভিডিঅ’ পৰিচালনা শচীন বৰুৱা। গীতটিৰ মুক্তিৰ পূৰ্বে ছ’চিয়েল মিডিয়াত গীতটিয়ে যথেষ্ট সমাদৰ লাভ কৰিছে। ভৃগু কাশ্যপ বিভিন্ন সময়ত নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনক লৈ জনসাধাৰণৰ ঋণাত্মক সমালোচনাৰ সন্মুখীন হয় যদিও তেওঁৰ প্ৰতিটো গীতেই শ্ৰোতাৰ বহুল সঁহাৰি লাভ কৰি আহিছে। বাৰু যা হওঁক, নৱবৰ্ষৰ লগতে সমাগত মাঘ বিহুৰ এই উছাহপূৰ্ণ সময়ত আহক আমি একেলগে শুনো ভৃগু কাশ্যপৰ নতুন গীত “মাইনা তেনেকুৱা নহয়”।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *