Spread the love

হেম বৰুৱা দেৱৰ কালজয়ী কবিতা “মমতাৰ চিঠি” ৰ সোৱাদ নোলোৱা ব্যক্তি খুব কমেই আছে।

“মৰমৰ,
এয়া মম এডাল জ্বলাই লৈছো
আজি বহুদিনৰ মুৰত তোমালৈ চিঠি লিখো বুলি
বাহিৰৰ উৰুঙা বতাহ জাক আহি মমডাল কোবাইছে
চাওঁ খিৰিকীখন জপাই দিওঁ।”

আজি আপোনালোকক অৱশ্যে এই কবিতাটোৰ বিষয়ে ক’বলৈ যোৱা নাই। অসমীয়া মনোৰঞ্জন জগতখনৰ বিষয়েহে ক’বলৈ লৈছোঁ। উক্ত “মমতাৰ চিঠি” শীৰ্ষক কবিতাটোক আধাৰ হিচাবে লৈ আহি আছে এখন অসমীয়া ছবি। ছবিখনৰ নাম একেই ৰখা হৈছে। শেহতীয়াকৈ ছবিখনৰ ফাৰ্ষ্ট লুক পষ্টাৰ মুকলি কৰা হৈছে।

নিৰ্মল দাসৰ কাহিনী, চিত্ৰনাট্য, সংলাপ তথা পৰিচালনাৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ক্ৰমে গুঞ্জন ভৰদ্বাজ, গীতাঞ্জলী শইকীয়া, বিপ্লৱ বৰকাকতি, ভাৰ্গৱ কটকী, চেতনা দাস, ৰীনা বৰা, মল্লিকা শৰ্মা, বিশ্বজিৎ ওজা, পল্লৱ পৱন বৰা, কবিন্দ্ৰ দাস আৰু হেমাংগ ৰায় চৌধুৰীয়ে। সংগীত কৰিছে তৰালী শৰ্মাই, সম্পাদনা প্ৰতীম খাউণ্ডৰ লগতে গীত সমূহত কণ্ঠদান কৰিছে ক্ৰমে জুবিন গাৰ্গ আৰু ভাস্কৰ অপ’চৱেলে।

উপন্যাস আৰু গল্পক ভেটি হিচাবে লৈ নিৰ্মিত বহু ছবি আমি প্ৰত্যেকেই ইতিমধ্যে উপভোগ কৰিছোঁ। কিন্তু, এটা কবিতাক আধাৰ হিচাবে লৈ নিৰ্মিত এখন ছবিৰ নিৰ্মাণে আমাক সকলোকে উৎসাহিত কৰি তুলিছে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *