Spread the love

Atlas Creation ৰ নতুন প্ৰকল্প “মৰম লাগি গ’ল তোক” দীপান্বিতা ডেকাৰ কণ্ঠৰে মুক্তি পাব গীতটি-

Atlas Creation ৰ বেনাৰত মুক্তিপ্ৰাপ্ত প্ৰতিটো প্ৰকল্পই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিছে। এই প্ৰযোজনা গোষ্ঠীটোৰ অধীনত যেতিয়াই কোনো এটা প্ৰকল্পৰ মুক্তিৰ বাতৰি আহে তেতিয়াই উৎসাহিত হৈ পৰা দেখা যায় সংগীতপ্ৰেমী শ্ৰোতা-দৰ্শকক। জুবিন গাৰ্গ আৰু দীপলিনা ডেকাৰ কণ্ঠৰ “ভবাই নাছিলোঁ” ৰ পৰা আৰম্ভ কৰি অংগৰাগ পাপন মহন্তৰ “হাতে হাত ধৰি” লৈ Atlas Creation ৰ বেনাৰত মুক্তিপ্ৰাপ্ত প্ৰতিটো গীতেই হৈছিল জনপ্ৰিয়, হয়টো এইগীত সমূহ আপোনাৰ আনন্দৰ অথবা নিসংগতাৰ সংগীও। শেহতীয়াকৈ এই ইউটিউব চেনেলটোতেই আন এটি গীতৰ মুক্তিৰ বিষয়ে জানিব পৰা গৈছে। গীতটিত কণ্ঠদান কৰিছে দীপান্বিতা ডেকাই। তেওঁৰ বিগত বছৰত শেষৰ পিনে মুক্তি লাভ কৰা “তোমাৰ কথা সুধি চাওঁ” গীতটিয়ে অনুৰাগীক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। ২ মিলিয়নতকৈও অধিক ভিউৱাৰচে উক্ত গীতটি ইতিমধ্যে ইউটিউবত উপভোগ কৰিছে। আহিবলগীয়া সময়ত মুক্তি পাবলগীয়া গীতটিৰ নাম হৈছে “মৰম লাগি গ’ল তোক”। এই বিহুসুৰীয়া গীতটিৰ মুক্তিৰ তাৰিখ বৰ্তমানলৈকে ঘোষণা কৰা হোৱা নাই।

“মৰম লাগি গ’ল তোক” শীৰ্ষক গীতটিৰ কথা আৰু সুৰ ৰাজনহনৰ। সংগীত কৰিছে অনুপম কোঁৱৰে তথা শব্দ-সংমিশ্ৰণৰ দায়িত্বত আছে দিগন্ত বৰদলৈ। গীতটিৰ নৃত্য পৰিচালনা কৰিছে চুমি বৰুৱাই। গীতটিক লৈ কৰা ৰীলচ সমূহে ইনষ্টাগ্ৰামত বহুখিনি জনপ্ৰিয়তা বুটলা পৰিলক্ষিত হৈছে। সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত দীপান্বিতা ডেকা ২০১৯ চনত পেছাগতভাৱে সংগীতক্ষেত্ৰখনত সোমাই পৰিছিল। “নীলিম আশা” ৰে অসমীয়া সংগীত ক্ষেত্ৰখনত খোজ দিয়া দীপান্বিতা ডেকাই নীল আকাশৰ সৈতে কণ্ঠদান কৰা “মিছাকৈ নক’বি” শীৰ্ষক গীতটিৰে অধিক কাষ চাপিছিল অসমীয়া শ্ৰোতাৰ। কম সময়ত ভাইৰেল হোৱা অসমীয়া গীতসমূহৰ ভিতৰত অন্যতম আছিল এই গীতটি।

“Atlas Creation” ৰ বেনাৰত মুক্তি পাবলগীয়া দীপান্বিতা ডেকাৰ এই গীতটিৰ বাবে তেওঁক Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *