Spread the love

৩৫ বছৰ পূৰ্বে “হেঙুল থিয়েটাৰ” জড়িত হৈছিল ভ্ৰাম্যমাণ জগতৰ সৈতে। তেতিয়াৰে পৰা নিৰলসভাৱে এই থিয়েটাৰ গোষ্ঠীটোৱে দৰ্শকৰ বিনোদনৰ বাবে নাটক ৰচনা কৰি নাট্যপ্ৰেমী ৰাইজক আমোদ দি আহিছে। আমি বহুবাৰ উল্লেখ কৰাৰ দৰে পুনৰ এবাৰ কৈছোঁ, ২০২৪-২৫ নাট্যবৰ্ষত “হেঙুল থিয়েটাৰ” য়ে পূৰ্বতকৈ বেলেগ ধৰণে নিজা পৰিকল্পনা কৰিছে। এইবাৰ নাট্যকাৰ নতুন হোৱাৰ লগতে “হেঙুল থিয়েটাৰ” ৰ মঞ্চত দেখিবলৈ পোৱা অভিনেতা-অভিনেত্ৰীসকলো নতুন। অৰ্থাৎ ভ্ৰাম্যমাণৰ সৈতে নৱপ্ৰজন্মৰ প্ৰতিভাসকলৰ এয়া প্ৰথমটো অভিজ্ঞতা।

“হেঙুল” ৰ আখৰা সক্ৰিয়ভাৱে চলিছে। প্ৰতিদিনেই আখৰাৰ এটিকৈ ভিডিঅ’ আগবঢ়াই থিয়েটাৰগোষ্ঠীটোৱে দৰ্শকক অধিক আকৰ্ষণৰ চেষ্টা কৰিছে। আপুনি ভিডিঅ’ত দেখা এই আখৰা হৈছে “মছজিদ ৰোড, নামঘৰ পথ” নামৰ নাটকখনৰ। এইখনৰ নাট্যকাৰ হৈছে প্ৰণৱ ভৰালী। তেওঁৰো ভ্ৰাম্যমাণ জগতৰ সৈতে এয়া প্ৰথমটো প্ৰয়াস। আখৰা কৰিছে ক্ৰমে কমল লোচন, হিমাংশু গগৈ আৰু নিৰূপম শইকীয়াই। উক্ত নাটকখনৰ কাহিনীভাগো এই তিনিগৰাকী অভিনেতাই ৰূপায়ণ কৰা চৰিত্ৰকেইটাৰ আশে-পাশেই ঘূৰিব।

নাটকখনৰ বিষয়বস্তু সন্দৰ্ভত “হেঙুল” য়ে প্ৰকাশ কৰা অনুসৰি এই নাটকখন হৈছে বাল্যকালৰ পৰা বন্ধুত্ব থকা তিনিগৰাকী বন্ধুৰ ওপৰত। যি তিনিয়ে সদায় একেলগে থাকে, খাই আৰু শোৱে। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজত কোনো কথাত মনোমালিন্য ঘটে আৰু ইজনে আনজনৰ শত্ৰু হৈ পৰাৰ উপক্ৰম ঘটে। এতিয়া পৰিস্থিতিৰ কবলত পৰি তেওঁলোকে নিজৰ বন্ধুত্ব ৰক্ষা কৰে নে শত্ৰুতাক আঁকোৱালি লয় তাক জানিবলৈ আপুনি চাব লাগিব “হেঙুল” ৰ অন্যতম নাটক “মছজিদ ৰোড, নামঘৰ পথ”।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *