“বেথা…
মনে লাগে বেথা…
একা…
আমি প্ৰায় হিন্দী ৱেব চিৰিজসমূহৰ ভীষণ চৰ্চা হোৱা দেখিছোঁ। মুক্তিৰ পূৰ্বে সেই চিৰিজসমূহৰ আঁৰৰ কাহিনীবোৰৰ বিভিন্ন বা-বাতৰি, তাত অভিনীত অভিনেতা-অভিনেত্ৰীসকলৰ সাক্ষাৎকাৰ আদি সামাজিক মাধ্যমত পূৰ্ণ ৰূপত চৰ্চাত থাকে। এই হিন্দী চৰ্চিত ৱেব চিৰিজসমূহৰ ভিতৰত বৰ্তমান এখন অসমীয়া ৱেব চিৰিজৰো কথা চলিছে। এইখন হৈছে “কৃষ্ণচূড়া.কম”। যোৱা ২৫ আগষ্ট তাৰিখে ৰীলড্ৰামাত মুক্তি লাভ কৰিছে ৱেব চিৰিজখনে। “কৃষ্ণচূড়া.কম” ৰ বিষয়বস্তুটো যুৱপ্ৰজন্মৰ লগত খাপ খোৱা। ৱেব চিৰিজখনৰ প্ৰতিটো মুহূৰ্তই সকলোকে টানি নিব পঢ়ি থকা দিনবোৰৰ মাজলৈ।
গুৱাহাটী বিশ্ববিদ্যালয়… য’ত বিভিন্ন অনুভৱৰ সংমিশ্ৰণ আছে। হোষ্টেলৰ পৰিস্থিতি, ৰাজনীতি, শৈক্ষিক পৰিৱেশ, কৃষ্ণচূড়াৰ সুগন্ধ, বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ৰাজনীতি, বন্ধুত্ব তথা প্ৰেম ইত্যাদি প্ৰতিটো বিষয়ৰ সমাগম ঘটিছে “কৃষ্ণচূড়া.কম” ত। ৪০০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰিচালক প্ৰণৱ ভৰালীয়ে যি কাহিনীক উপস্থাপন কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাবে তেখেতে নিজৰ অভিজ্ঞতাখিনিক সাঙুৰি সৃষ্টিৰ মাজলৈ উলিয়াই আনিছ আৰু ইয়াতেই তেখেতৰ পৰিপক্কতাক অনুভৱ কৰিব পৰা যায়। এইখিনিতে আমি বিশেষভাবে নাম ল’ব লাগিব এগৰাকী যুৱ প্ৰতিভাৰ। তেওঁৰ নাম হৈছে কমল লোচন। অভিনেতাগৰাকীৰ অভিনয়ৰ পাৰদৰ্শিতাক আপুনি মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব “কৃষ্ণচূড়া.কম” ত।
ইয়াৰ লগতে, ৱেব চিৰিজখনত থকা এটি গীতে শ্ৰোতা-দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰিছে। নাম- “বেথা”। অৰূপজ্যোতি বৰুৱাৰ কণ্ঠত উক্ত গীতটোৱে সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে। মুঠতে, “কৃষ্ণচূড়া.কম” কেওদিশৰ পৰা এক সমৃদ্ধ প্ৰকল্প। য’ত আৱেগ-অনুভূতি, প্ৰেম-বিষাদ ইত্যাদি আপুনি প্ৰতিটো ৰস লাভ কৰিবলৈ সক্ষম হ’ব। ৱেব চিৰিজখনৰ সৈতে জড়িত প্ৰত্যেককে Jollywood Now ৰ তৰফৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।