Spread the love

নিজৰ প্ৰেমাস্পদৰ হাত ধৰি উঠা ফটোখনৰ ৰহস্য ভেদ কৰি অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা আৰু সীমান্ত শেখৰৰ কণ্ঠৰে মুক্তি লাভ কৰিলে এটি নতুন গীত “ভালপোৱা এটি নাম”। নিজৰ পেছাগত জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও প্ৰায় সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল আৰু সংবাদ মাধ্যমত চৰ্চিত হৈ থকা দীপলিনা ডেকাৰ শেহতীয়া এখন ফটোৱে জনসাধাৰণৰ যথেষ্ট ধ্যান আকৰ্ষণ কৰিছিল। ফটোখনত কাৰ হাত উলিয়াবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী বহুতেই আপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু অৱশেষত নিজৰ হাতৰ ৰহস্য নিজেই ফাদিল কৰি কণ্ঠশিল্পী গৰাকীয়ে মুক্তি দিলে নতুন গীত “ভালপোৱা এটি নাম”। ফাগুন মানেই প্ৰেম। আমি ফাগুনৰ কথা বহুবাৰ আপোনালোকক কৈছোঁ, কবি সকলে বহু কবিতা লিখি গৈছে এই ফাগুনৰ ওপৰতেই। ফাগুন আৰু প্ৰেম দুটাই এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এই ফাগুনতেই নিজৰ প্ৰিয় কণ্ঠশিল্পী গৰাকীৰ পৰা এনে ৰোমাণ্টিক উপহাৰ এটা পালে আৰুনো লাগে কি!

এই নতুন গীতটোৰ ভিডিঅ’ত এখন নতুন দৰ্শকে দেখিবলৈ পাইছে। নৱাগত অভিনেতা গৰাকীৰ নাম কৌশিক নাথ আৰু এওঁৰ হাতত ধৰিয়েই দীপলিনাৰ ভাইৰেল হৈছিল উক্ত ফটোখন। উক্ত গীতটিৰ সুৰ-সংগীত তথা কথাৰ দায়িত্বত আছে পলাশ সূৰ্য্য গগৈ। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা নৱপ্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালীৰ। এইগৰাকী পৰিচালকৰ বিভিন্ন প্ৰকল্পই ইতিমধ্যে অসমীয়া দৰ্শকৰ সমাদৰ লাভ কৰিছে। প্ৰতি খোজতে সাহসেৰে আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি লৈ দুহাতেৰে সাৱতি দুয়োজনে পৃথিৱীৰ সকলো সুখ দুখৰ সমভাগী হোৱাৰ এহাল প্ৰেমিকদ্বয়ে যেনেদৰে পৰিকল্পনা কৰে, এই আটাইবোৰ বিষয়ক লৈয়ে গীতটিৰ ভিডিঅ’টো নিৰ্মাণ কৰা হৈছে। গীতটোৰ ভিডিঅ’ত ডি.অ’পিৰ দায়িত্ব বহন কৰিছে চন্দ্ৰ কুমাৰ দাসে, সম্পাদনা মানস কাশ্যপৰ।

দীপলিনা ডেকা আৰু সীমান্ত শেখৰৰ যুটীয়া কণ্ঠৰে এয়াই হৈছে প্ৰথমটো গীত। গীতটিয়ে মুক্তিৰ পিছতেই দৰ্শকৰ বহুল সঁহাৰি লাভ কৰিছে। গীতটোৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক Jollywood Now ৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *