ঢোলৰ ছেৱে ছেৱে কঢ়িয়াই আনে ছন্দ, অবিশ্ৰান্ত সিঁচি যায় কৃষ্টিৰ কঠিয়া ৷ ঢোলৰ চাপৰেৰে হয় জাৰি বিপ্লৱৰ নতুন চমন৷ ঢোলে সঞ্জীৱিত কৰে নৱতম সৃষ্টিৰ ভ্ৰুণক৷ ঢোল নহলে বিহু নপকে৷ পুৰুষৰ জেউতি চৰোৱা অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ ঢোল ৷ এই ঢোল আৰু ঢুলীয়াসকলক লৈ শেহতীয়াকৈ এটি নতুন গীতে মুক্তি লাভ কৰিছে। গীতটোৰ নাম “তোৰ উশাহতে খেলি”। কণ্ঠদান কৰিছে নীল আকাশে। স্বকীয় গায়ন শৈলীৰ অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰা নীল আকাশৰ নতুন গীতটিয়ে ক্ষন্তেকতে জনসাধাৰণৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে।
গীতটোৰ ভিডিঅ’টোত এগৰাকী ঢুলীয়া পিতৃৰ সপোন আৰু ঢুলীয়া পুত্ৰই সেই সপোনক জীয়াই তোলাৰ কাহিনীক প্ৰতিফলিত কৰা হৈছে। এজন ঢুলীয়াৰ জীৱনক লৈ নিৰ্মিত নীল আকাশৰ এই গীতটোৰ কথা জীৱজিৎ চক্ৰধৰাৰ আৰু সুৰ কৰিছে অভিলেখে। সংগীত পৰিচালনাৰ দায়িত্বত আছে প্ৰণয় দত্ত। আনহাতে, গীতটোৰ ভিডিঅ’টোত অভিনয় কৰিছে ঋতুৰাজ গগৈ, শিল্পীশিখা বৰা আৰু বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই। অৰুণ হাজৰিকা দেৱৰ অভিনয়ৰ পৰিপক্কতা পুনৰ বাৰ দৰ্শকে উপলব্ধি কৰিলে উক্ত গীতটোৰ ভিডিঅ’টোত। এইখিনিতে, আপোনালোকে এগৰাকী যুৱ পৰিচালকৰ প্ৰতিভাক আকৌ এবাৰ নীল আকাশৰ গীতটোত দেখিবলৈ পাব। তেওঁ হৈছে সুব্ৰত কাকতি। “ৰঘুপতি” ৰে ৰাজ্যজুৰি খলকনি তোলাৰ পিছত তেখেতৰ পৰিচালনাৰ দিশটোক সকলোৱে প্ৰশংসাৰে উপচাই পেলোৱাৰ লগতে পৰিচালক গৰাকীৰ আন আন প্ৰকল্পসমূহ উপভোগ কৰিবলৈ ৰৈছিল সকলো। গতিকে, যুৱ পৰিচালক গৰাকী নতুনকৈ প্ৰস্তুত হোৱা অনুৰাগীৰ শাৰীটোৰ বাবে এই গীতটো অতিকৈ আপোন হৈ পৰিছে।
এই শুভক্ষণত, গীতটোৰ সৈতে জড়িত আটাইলৈ Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।