ভালপোৱাৰ সুকীয়া অনুভৱৰ সৈতে “ভাল লগা অনুভৱ এটি”-
প্ৰেমত অপাৰ শক্তি আছে, যি শক্তিয়ে আপোনাক-মোক, আমাক বহু কাম কৰিবলৈ সামৰ্থৱান কৰি তোলে। “প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল”- এয়া প্ৰেমৰ শক্তিক অনুধাৱন কৰি কবিয়ে লিখা কবিতা। অলপতে, নীল আকাশৰ কণ্ঠৰে মুক্তি লাভ কৰিছিল এটি প্ৰেমৰ গীত “ভাল লগা অনুভৱ এটি”। গীতটো মুক্তিৰ লগে লগেই ই শ্ৰোতা-দৰ্শকৰ বাবে আপোন হৈ পৰিছে।
ভিডিঅ’সহ মুক্তিপ্ৰাপ্ত এই গীতটোৰ পৰিচালনা প্ৰণৱ ভৰালীৰ। আপোলোকে পূৰ্বেও প্ৰণৱ ভৰালীৰ পৰিচালনাৰ এটা দিশ মন কৰিলে বুজিব যে তেওঁ সদায় গীতটোত এটা কাহিনী উপস্থাপনৰ চেষ্টা কৰে আৰু এই চেষ্টাই অৱশ্যে দৰ্শকসকলক আমোদ প্ৰদানো কৰে। গীতটোত অভিনয় কৰিছে ক্ৰমে কমল লোচন, হিমাক্ষী বৰা আৰু অপূৰ্ব বৰ্মনে। আনহাতে, দৃশ্যগ্ৰহণ উত্তম কলিতাৰ আৰু সম্পাদনা মানস কাশ্যপৰ। গীতটোৰ কথা পাপলু চেতিয়াৰ আৰু সুৰ অংশুৰাজ কাশ্যপৰ। গীতটোত সংগীত কৰিছে অনুপম কোঁৱৰে। নীল আকাশৰ কণ্ঠৰে ৰোমাণ্টিক গীতটো শুনিবলৈ যিমান সুমধুৰ হৈছে, ভিডিঅ’টোও সিমানেই উপভোগ্য হৈ পৰিছে।
গীতটো মুক্তিৰ পিছতেই ই ভিউৱাৰচৰ যথেষ্ট ইতিবাচক মতামত লাভ কৰিবলৈ সক্ষম হৈছে।