Spread the love

অসমৰ ইতিহাসৰ এক ৰক্তৰঞ্জিত অধ্যায় হৈছে নেলীৰ গণহত্যা। ১৯৮৩ চনত নগাঁৱৰ নেলীত একাংশ সন্দেহজনক অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হত্যালীলা চলিছিল। ১৮ ফেব্ৰুৱাৰী তাৰিখৰ দিনা চলা এই হত্যালীলাত প্ৰায় মৃত্যু হৈছিল ১০,০০০ তকৈও অধিক ব্যক্তিৰ। শিশুসকলো বাচি যোৱা নাছিল এই হত্যালীলাৰ পৰা। নিথৰ হৈ পৰি ৰৈছিল সকলো। অমানৱীয়, জঘন্যতম আৰু ইতিহাস কলংকিত ঘটনা ৰূপে বিবেচিত কৰা হয় এই “নেলীৰ গণহত্যা” ক। সভ্য সমাজত এনেকুৱা ধৰণৰ ঘটনা পৃথিৱীৰ ইতিহাসত বিৰল।

নেলীৰ এই গণহত্যাক কেন্দ্ৰ কৰি পাৰ্থজিৎ বৰুৱাৰ পৰিচালনাৰে আহি আছে এখন ছবি “নেলীৰ কথা”। এগৰাকী পি.এইচ.ডি পঢ়ি থকা ছাত্ৰই নেলীৰ উক্ত ঘটনাটোৰ সত্যাসত্য বিচাৰ কৰাৰ উদ্দেশ্যৰে নেলীৰ সেই ঠাইলৈ যায় আৰু তেওঁ নিজৰ গৱেষণাৰ দ্বাৰা কি তথ্য লাভ কৰে সেই আটাইবোৰকে লৈ নিৰ্মাণ কৰা হৈছে এই ৯৫ মিনিট দৈৰ্ঘ্যৰ ছবিখন। পাৰ্থজিৎ বৰুৱাই নিজেই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ লিখিছে। সহকাৰী সংলাপ দিছে প্ৰাঞ্জল কুমাৰ মহন্তই লগতে মুখ্য সহকাৰী পৰিচালক হিচাবে আছে নীল বৰ্মনে। চানলিষ্ট ষ্টুডিঅ’ ৰ বেনাৰত প্ৰযোজিত ছবিখনৰ ফটোগ্ৰাফী সুমন দুৱৰাৰ, সম্পাদনা হীৰক জ্যোতি পাঠকৰ। চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে দেৱজিৎ গায়নে, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ লগতে সংগীত কৰিছে ডেনিয়েল এংটিয়ে।

ইয়াত অভিনয় কৰিছে ক্ৰমে অৰ্ঘদ্বীপ বৰুৱা, ডঃ আশা কুঠাৰী চৌধুৰী, সুনয়না দত্ত, সমৰ জ্যোতি চৰকাৰ, মিণ্টু বৰুৱা, বইচবনী বৰা, সঞ্জীৱনী বৰা, ধনঞ্জয় দেৱনাথ, স্বাগতা ভৰালী, ত্ৰিদিশা আৰ. পৰাশৰ, সুদৰ্শন নাথ, ৰয়ন্তী, আৰু মহেন্দ্ৰ দাসে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *