Spread the love

“ৰুদ্ৰ” ৰ প্ৰস্তুতি তুংগত, অডিশ্বন দিবলৈ সাজু হওক আপুনি-

“ৰঘুপতি” ৰ পিছত ঘোষণা হোৱা ৰবি শৰ্মাৰ নতুন ছবি “ৰুদ্ৰ” ক লৈ এতিয়া খলকনিৰ সৃষ্টি অসমীয়া চলচিত্ৰপ্ৰেমী দৰ্শকৰ মাজত। এই একচন ধৰ্মী “ৰুদ্ৰ” ছবিখনত দৰ্শকে পাব চাচপেন্স আৰু থ্ৰীলাৰৰ মজাও। উল্লেখ্য যে, আগন্তুক ১০ মে’ তাৰিখৰ পৰা দৃশ্যগ্ৰহণ হ’বলগীয়া এই ছবিখনৰ মুখ্য নায়িকা চৰিত্ৰকে আদি কৰি আন ১৫ টা চৰিত্ৰৰ বাবে ৰাজ্যৰ শিৱসাগৰ, নগাঁও, তেজপুৰ, নলবাৰী আৰু গুৱাহাটীত অডিশ্বন অনুষ্ঠিত কৰা হ’ব।

এই অডিশ্বনত ৬ বছৰৰ পৰা ৬০ বছৰীয়া যিকোনো প্ৰতিভাৱান ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। ২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া “ৰুদ্ৰ” ছবিখনৰ দৃশ্যগ্ৰহণ অসমৰ লগতে হায়দৰাবাদৰ বিভিন্ন ঠাইত কৰা হ’ব।

শ্যাম প্ৰডাকচনৰ বেনাৰত ৰূপক গগৈৰ পৰিচালনা তথা ৰাজেশ কুমাৰ মোৰেৰ প্ৰযোজনাৰে আহিবলগীয়া “ৰুদ্ৰ” ছবিখনৰ একচন দৃশ্যসমূহৰ পৰিচালনাৰ দায়িত্বত থাকিব অলপতে মুক্তি লাভ কৰি বহুলভাৱে চৰ্চিত হোৱা বলীউডৰ “এনিমেল” ছবিখনৰ একছন পৰিচালক গৰাকীয়ে। অসমৰ পটভূমিতেই নিৰ্মিত এই ছবিখন উপভোগৰ বাবে বৰ্তমান অপেক্ষাৰত সকলো।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *