মঞ্জু বৰাৰ এনিমেশ্বন ছবি “শ্ৰীশ্ৰী মাধৱদেৱ” ত আছে জাতিৰ স্বাভিমান-
শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সান্নিধ্যত থাকি তেৰাৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাইও অসমীয়া সমাজ জীৱনলৈ অনন্য অৱদান আগবঢ়াই থৈ গৈছে। শ্ৰীশ্ৰী মাধৱদেৱ এক সৰ্বজনবিদিত নাম, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি জাতি বৰ্ণ ভাষা নিৰ্বিশেষে তেৰাই জাতিটো ঐক্যবদ্ধ কৰি ৰখাৰ আপ্ৰাণ চেষ্টা চলাইছিল।একেধাৰে নাট্যকাৰ, সুৰকাৰ, গীতিকাৰ, অভিনেতা, গায়ক, বাদক শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাই অসমীয়া সমাজক পোনপ্ৰথমে শ্ৰীকৃষ্ণৰ বাল্যকালৰ মহিমাৰ লগত চিনাকী কৰোৱাইছিল। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক অনুসৰণ কৰি তেৰাৰ আদৰ্শেৰে মাধৱদেৱে অসমীয়া জাতি গঢ়োতা সেঁতু নিৰ্মাণ কৰিছিল।
গুৰুজনাৰ আদৰ্শ আৰু অৱদান অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। উঠি অহা প্ৰজন্মক গুৰুজনাৰ এই অতুলনীয় তথা অনন্য অৱদানৰ সৈতে চিনাকী কৰোৱাবলৈ তথা গুৰুৰ প্ৰতি শিষ্যৰ আচৰণ কেনে হোৱা উচিত তাক প্ৰতিফলন কৰি অসমীয়া চলচিত্ৰ জগতৰ বিশিষ্ট পৰিচালিকা মঞ্জু বৰাই নিৰ্মাণ কৰিছে এখন এনিমেশ্বন ছবি “শ্ৰীশ্ৰী মাধৱদেৱ”। সঞ্জীৱ নাৰায়ণৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনৰ এনিমেশ্বন পৰিচালনা কৰিছে জিতেন দাসে আৰু ছবিখনৰ সংগীত পৰিচালনা তৰালী শৰ্মাৰ। ৰাজ্যৰ কেৱলমাত্ৰ তিনিটা চিত্ৰগৃহ ক্ৰমে গুৱাহাটীৰ পিভিআৰ চিটি ছেণ্টাৰত, যোৰহাটৰ ইনক্স এবছ ম’ল আৰু তেজপুৰৰ আইএমপি চিনেমাত মুক্তি লাভ কৰা “শ্ৰীশ্ৰী মাধৱদেৱ” ছবিখনক বৰ্তমানলৈকে যিসকল ব্যক্তিয়ে উপভোগ কৰিছে আটাইয়ে প্ৰশংসা কৰিছে।
ছবিখনৰ সৈতে জড়িত আটাইলৈ “Jollywood Now” ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ।