Spread the love

নিকা সমাজ গঢ়ি তুলিবৰ বাবে এচামে দিছে “প্ৰতিশ্ৰুতি”-

এখন নিকা আৰু নিচামুক্ত সমাজ নিৰ্মাণৰ উদ্দেশ্যক সাৰোগত কৰি আহি আছে এখন নতুন অসমীয়া ছবি “প্ৰতিশ্ৰুতি”। ড্ৰাগছ হৈছে এক সামাজিক ব্যাধি, ড্ৰাগছ বিৰোধী যুঁজত প্ৰতিজন নাগৰিক সষ্টম হোৱা উচিত। এই বিষয়বস্তুটোকে লৈ নিৰ্মিত ছবিখনৰ ট্ৰেইলাৰটোৱে ইতিমধ্যে জনসমাজত খলকনি তুলিছে। মধুৰ চিনে আৰ্টৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে ৰাতুল বৰুৱাই আৰু পৰিচালনাৰ দায়িত্বত আছে কিশোৰ তালুকদাৰ।

ছবিখনত আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব প্ৰস্তুতি পৰাশৰক। আনহাতে, এই ছবিখনত অভিনয় কৰিছে ক্ৰমে সিদ্ধাৰ্থ কাশ্যপ, প্লাবিতা বৰঠাকুৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী তথা গীতাৱলী ৰাজকুমাৰীয়ে। ছবিখনৰ অভিনেতা-অভিনেত্ৰীৰ তালিকাখনে আচলতে ছবিখনক লৈ দৰ্শকৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে। চলিত বৰ্ষৰ ২৪ মে’ তাৰিখে মুক্তি পাবলগীয়া ছবিখনৰ কাহিনী লিখিছে প্ৰযোজনাৰ দায়িত্বত থকা ৰাতুল বৰুৱাই। লগতে, চিত্ৰনাট্য তথা সংলাপ কিশোৰ তাহবিলদাৰ আৰু ৰাতুল বৰুৱাৰ। সহকাৰী পৰিচালক হিচাবে আছে সমৰ জ্যোতি, দৃশ্যগ্ৰহণ কৰিছে সুৰুয ডেকা আৰু সুমন দুৱৰাই। ইয়াৰোপৰি, চিত্ৰগ্ৰহণ কৰিছে হিমানীল কাশ্যপ আৰু ৰাজ দত্তই।

এক সুন্দৰ উদ্দেশ্য লৈ নৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্মিত এই ছবিখনক দৰ্শক ৰাইজে আঁকোৱালি ল’ব বুলি এতিয়া আশা প্ৰকাশ কৰিছে নিৰ্মাতা গোষ্ঠীয়ে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *