Spread the love

আহি আছে “মৃত্যু বাহিনী” প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনাৰে…

দেশপ্ৰেম, ত্যাগ আৰু সাহসৰ অন্যতম প্ৰতীক হৈছে কনকলতা বৰুৱা । অসমী আইৰ এই গৰাকী বীৰাংগনাৰ সাহস, ত্যাগ, দেশপ্ৰেমৰ অনবদ্য দৃষ্টান্তই যুগে যুগে আমাক সজাগ, সক্ষম তথা সাহসী কৰি ৰাষ্ট্ৰসেৱাৰ প্ৰতি অনুপ্ৰাণিত কৰি গৈ আছে। তেখেতৰ বীৰগাথা তথা ত্যাগক মৰ্মে মৰ্মে উপলব্ধি কৰোঁ আমি প্ৰতিগৰাকী অসমীয়াই । মাত্ৰ ১৭ বছৰ বয়সতেই কনকলতাৰ মনত দেশৰ প্ৰতি দায়িত্ববোধ গঢ় লৈ উঠিছিল। এই দায়িত্ববোধেই হয়তো কনকলতাক অনুপ্ৰাণিত কৰিছিল দেশৰ প্ৰতি জীৱন উচৰ্গা কৰিবলৈ। কনকলতাই ‘আজাদ হিন্দ ফৌজ’ত যোগদান কৰিব বিচাৰিছিল যদিও বয়স কম হোৱাৰ বাবেই তেখেতক দলটোত যোগ কৰা নহ’ল। তাৰ পিছত তেখেতে ‘মৃত্যু বাহিনীত মহিলা’ কেডাৰৰ নেতা হিচাবে যোগ দিলে।

ৰ’ব, আমি আজি আপোনালোকক কনকলতা বৰুৱাৰ বীৰগাথা জনাবলৈ বিচৰা নাই। আপোনালোকক মাত্ৰ জনাবলৈ পাই সুখী হৈছোঁ যে, এইগৰাকী কনকলতা বৰুৱাৰ বীৰগাথাৰে পূৰ্ণ আহি আছে এখন চুটি ছবি “মৃত্যু বাহিনী”। অহা ১৫ আগষ্ট তাৰিখে এই চুটি ছবিখনে মুক্তি লাভ কৰিব। পৰিচালনা আৰু কাহিনী প্ৰাঞ্জল গৈয়াৰীৰ। এইগৰাকী পৰিচালকেই বিগত সময়ত সংগীতশিল্পী জয়ন্ত হাজৰিকা দেৱৰ ওপৰত নিৰ্মাণ কৰিছিল “সুৰ বাহিনী” শীৰ্ষক চুটি ছবিখন। ৰাইজৰ পৰা লাভ কৰা বহুল সমাদৰৰ পিছত পুনৰ বাৰ পৰিচালকগৰাকী উভতি আহিছে আন এক নতুন পৰিকল্পনাৰে। কনকলতা বৰুৱাৰ ত্যাগ তথা বীৰত্বৰ গাথাৰে নিৰ্মিত “মৃত্যু বাহিনী” য়ে নৱপ্ৰজন্মক এইগৰাকী মহীয়সী নাৰীৰ বিষয়ে জনোৱাত সহায় কৰিব।

প্ৰাঞ্জল গৈয়াৰী আৰু ৰোহিত শৰ্মাৰ দ্বাৰা প্ৰযোজিত তথা CND play ৰ বেনাৰত নিৰ্মিত “মৃত্যু বাহিনী” ত কমল লোচন, উদয়ন দুৱৰা, অমিতাভ ৰাজখোৱা, দৰথী ভৰদ্বাজ, মনোজ বৰকটকী, অভিজিৎ শৰ্মা, বনজিৎ শৰ্মা আৰু কুলদ্বীপ আহান গোস্বামী ইত্যাদি নৱপ্ৰজন্মৰ উদীয়মান যুৱক-যুৱতীয়ে অভিনয় কৰিছে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *