মায়ং- Land Of Black magic অথবা Land Of Illusion। আমি মায়ং বুলি ক’লে যাদু মন্ত্ৰৰ দেশ বুলিয়েই শুনি আহিছোঁ। মায়ং বুলি ক’লে অসমৰ প্ৰতিজন মানুহ অলপ হ’লেও শিঁহৰিত হয় ৷ বহু যুগৰে পৰা মায়ং অলৌকিকতাৰ কিংবদন্তী হিচাবে বিশ্ববিখ্যাত ৷ অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত অঞ্চল মায়ং চহকী বন্যজীৱ, প্ৰত্নতাত্বিক তীৰ্থস্থান, ইক’-টুৰিজিম, এডভেন্সাৰ টুৰিজিম, সাংস্কৃতিক পৰ্যটন আৰু নদী পৰ্যটনৰ বাবে মায়ং পৰ্যটন আৰু প্ৰত্নতাত্বিক দিশত এক আকৰ্ষণৰ ক্ষেত্ৰ হৈ পৰিছে। মায়ং প্ৰত্নতাত্বিক ধ্বংসাৱশেষ, বহু আৱিষ্কৃত আৰু আন বহুতো অনাৱিষ্কৃত শিল্পকৃতি সমলেৰে ভৰপূৰ ৷
মায়ঙত গ’লেই হেনো মন্ত্ৰৰ বলেৰে আলহীৰ পিঠিত পিৰা তথা কাঁহৰ কাহী লগাই দিয়া হয়, কম সময়ত অধিক দূৰত্বকো অতিক্ৰম কৰা ইত্যাদি দেখিবলৈ পোৱা যায়। এই যাদু-মন্ত্ৰখিনিক যদি কোনোবাই বৈজ্ঞানিক দৃষ্টিভংগীৰে উপস্থাপন কৰে তেতিয়া? আপুনি গ্ৰহণ কৰিবনে? এই বিষয়বস্তুটোক লৈয়ে প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচালনাৰে আহি আছে “The Government Servant”। এগৰাকী চৰকাৰী বিষয়াই এই মায়ং ঠাইডোখৰলৈ গৈ তাত ঘটা অলৌকিক কাৰ্যকলাপক বৈজ্ঞানিক দৃষ্টিভংগীৰে বাখ্যা কৰাৰ চেষ্টা কৰে।
অতিশীঘ্ৰে অটিটি প্লেটফৰ্ম ৰীলড্ৰামাত মুক্তিপাবলগীয়া এই ছবিখনৰ কাহিনী হৈছে সাহিত্য অকাডেমী বঁটা প্ৰাপক মাধৱ বৰাৰ। ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনা কৰিছে ক্ৰমে দেৱাশিষ গোস্বামী আৰু লিপিকা শৰ্মা মেধিৰ। ছবিখনত অভিনয় কৰিছে ক্ৰমে কপিল বৰা, হিৰণ্য ডেকা, নিকুমনি বৰুৱা, উপকুল বৰদলৈ, দুৰ্গাশ্ৰী বৰা, দেৱাশ্ৰী দাস, হেমন্ত দেৱনাথ, দ্বিপজ্যোতি কাকতি আৰু হিমাংশু শৰ্মাই।