Spread the love

সুবাসনা দত্ত আৰু নীলোৎপল বৰা… সংগীত ক্ষেত্ৰখনৰ দুই চিনাকী তথা জনপ্ৰিয় নাম। কিছুমান যুগলবন্দীৰ বিষয়ে শুনিলেই সংগীত ভালপোৱা প্ৰত্যেকজন ব্যক্তিয়েই যে উৎসাহিত হৈ পৰিব পাৰে – এয়া তাৰে এক উদাহৰণ। ড° ভূপেন হাজৰিকা দেৱ, জয়ন্ত হাজৰিকা দেৱৰ সেই চিৰযুগমীয়া গীতবোৰৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ কণ্ঠৰে নিগৰা সেই হৃদয়সিক্ত কৰা গীতবোৰলৈ অসমীয়া সংগীত প্ৰেমী শ্ৰোতাই সংগীতৰ এক সুন্দৰ ধাৰা উপভোগ কৰিবলৈ সক্ষম হৈছে। কিন্তু, বৰ্তমানেও এই “সুন্দৰ” ধাৰাটোৱে যেন অব্যাহতি লোৱা নাই। আমাৰ সংগীত ক্ষেত্ৰখন প্ৰতিদিনেই নতুন আৰু সমৃদ্ধ হৈ উঠিছে। আপোনালোকে নিজেও দেখিছে যে প্ৰতিদিনেই আমি একোটা নতুন গীতৰ মুক্তিৰ খবৰ পাওঁ।

শেহতীয়াকৈ সুবাসনা দত্তই তেওঁৰ নতুন গীত “সোণ পৰুৱা” ৰ কথা জানিবলৈ দিছে। গীতটিৰ সুৰ আৰু সংগীত নীলোৎপল বৰাৰ। আনহাতে কথা শান্তনু ৰৌমূৰীয়াৰ। লগতে, গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈৱে।

এইখিনিতে, আপোনালোকলৈ আন এগৰাকী কণ্ঠশিল্পীৰ গীত মুক্তিৰ কথা জনাবলৈ লৈছোঁ। “ধিমিক-ধামাক” ৰ বহুল সফলতাৰ পিছত এইবাৰ আহিবলৈ সাজু হৈছে দীপলিনা ডেকাৰ কণ্ঠৰে আন এটি গীত “কাম চৰাই”। শোণিত গগৈৰ ৰচনাৰে আহিবলগীয়া এই গীতটো হয়টো বিবাহৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা হৈছে। আমি এয়া এক অনুমানহে কৰিছোঁ, কিয়নো গীতটোৰ পষ্টাৰখনে তাকে বুজাইছে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *