ভেকুলীক লৈ বিহু মাৰিলে কণ্ঠশিল্পী নীলোৎপল বৰাই-
মাজত মাথো কেইটামান দিনৰ অপেক্ষা ৰঙালীৰ বাবে। আমাৰ আপোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতিত ব্যস্ত এতিয়া প্ৰতিগৰাকী অসমীয়া, এই ব্যস্ততা বৰ্তমান কণ্ঠশিল্পীৰ মাজতো দেখিবলৈ পোৱা গৈছে। ৰঙালী বিহুৰ উপহাৰ স্বৰূপে একোটিকৈ নতুন বিহুগীত দিবলৈ মানস কৰিছে এতিয়া প্ৰত্যেকে।
শেহতীয়াকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা অসম সন্তান নীলোৎপল বৰাৰ কণ্ঠৰে মুক্তি লাভ কৰিছিল “ভেকুলীৰ বিহু” শীৰ্ষক এটি বিহুগীত। গীতটোক প্ৰত্যেকগৰাকী শ্ৰোতাই আদৰি লোৱাৰ লগতে ইতিবাচক কমেণ্টো কৰিছে। গীতৰ কথা-সুৰ নিৰঞ্জন গোস্বামীৰ লগতে ইয়াত নীলোৎপল বৰাই সংগীত কৰিছে। ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে জনপ্ৰিয় শচীন বৰুৱা। গীতটোৰ ভিডিঅ’ত অভিনয় কৰিছে ক্ৰমে অৰুণ হাজৰিকা, মাধুৰিমা চৌধুৰী, নীলোৎপল বৰা আৰু মধুস্মিতা দিহিঙীয়াই। লগতে, সিদ্ধাৰ্থ শৰ্মা, বলীন বৰা আৰু হৰপল শইকীয়াকো ভিডিঅ’টিত দেখিবলৈ পোৱা গৈছে। ভেকুলীৰ ৰূপত আছে দীপ ফুকন, বিবেক আলী, সবিন ৰাভা আৰু ৰুবুল ৰাভা। দৃশ্যগ্ৰহণকাৰী হিচাবে আছে হৃদয় গগৈ।
বিহুৰ আগমনৰ পূৰ্বে নীলোৎপল বৰাই আগবঢ়োৱা বিহুটি শুনি আপোনালোকে বাৰু কেনে পালে? জনাবচোন-