Spread the love

সমাগত ব’হাগ অৰ্থাৎ ৰঙালী বিহু। কুলিৰ মাতে ইতিমধ্যে এই বিহুৰ আগমনৰ বতৰা দিছে। অসমীয়াৰ আদৰৰ তথা অসমীয়াৰ প্ৰাণ স্পন্দন ৰঙালী বিহুটিয়ে প্ৰতিবছৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনে আনন্দৰ তথা ইতিবাচক বতৰা। এই বিহুৰ আৰম্ভণিৰ প্ৰাকক্ষণত শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি সুন্দৰ বিহুগীত। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনপ্ৰিয়তা অৰ্জন কৰা কণ্ঠশিল্পী নীলোৎপল বৰাৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত “চেকচেকি পৰুৱা” শীৰ্ষক বিহুগীতটিয়ে মুক্তিৰ পিছৰে পৰা সমাদৰ লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ। গপচপ ৰেডিঅ ৯৪.৩ ত এবছৰ ধৰি কৰ্মৰত হৈ থাকি পৰৱৰ্তী ২০১৩ চনত “চেভেন আনপ্লাগ” ৰে সংগীত জগতত খোজ পেলোৱা নীলোৎপল বৰাৰ বৰ্তমান সময়ৰ কেৱল নামটোৱেই যথেষ্ট। TVF ৰ বেনাৰত নিৰ্মিত চুটি ছবি “Aspirants” ত নীলোৎপল বৰাই যি সংগীত কৰিছিল, সেই সংগীতে আজিপৰ্যন্ত শ্ৰোতা সকলক মুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে।

নীলোৎপল বৰাৰ সদ্যমুক্তিপ্ৰাপ্ত বিহুগীত “চেকচেকি পৰুৱা” ত কথা আৰু সুৰ কৰিছে নিৰঞ্জন গোস্বামীয়ে। লগতে, সংগীত প্ৰযোজনা কৰিছে নীলোৎপল বৰাই নিজেই। এডিশ্বনেল মিউজিক ডিজাইন পৰাণ বৰকটকীৰ। এই বিহুগীতটোত নৃত্য কৰিছে “Nima Denzongpa” হিন্দী ধাৰাবাহিকখনত মুখ্য চৰিত্ৰ ৰূপায়িত অসমৰ কন্যা সুৰভী দাসে, বিহু কুঁৱৰী তথা অসমীয়া ধাৰাবাহিকৰ সৈতে জড়িত জনপ্ৰিয় অভিনেত্ৰী মধুস্মিতা দিহিঙীয়া, সৌৰভ হাজৰিকা আৰু নীলোৎপল বৰাই। ভিডিঅ’ পৰিচালনা আৰু কৰিঅ’গ্ৰাফীৰ দায়িত্বত আছে শচীন বৰুৱা। চিনেমেটোগ্ৰাফী বিতুল দাসৰ লগতে সম্পাদনা মানস কাশ্যপৰ। বিহুৰ পূৰ্বেই ইমান সুন্দৰ এটি বিহুগীত উপহাৰ দিয়াৰ বাবে সকলোৱে নীলোৎপল বৰাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে গীতটিক “মাষ্টাৰপিছ” বুলি আখ্যা দিছে।

SEKSEKI PORUA | NILOTPAL BORA | BIHU 2023 | SURABHI DAS | SAURAV | MADHUSMITA | SACHIN BORUAH

Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *