Spread the love

অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ উত্তৰণ আৰু নতুনত্ব প্ৰদানৰ ক্ষেত্ৰত নৱপ্ৰজন্মই এক সুকীয়া ভূমিকা গ্ৰহণ কৰিছে। তেওঁলোকৰ প্ৰচেষ্টা আৰু প্ৰয়াসৰ ফলশ্ৰুতিত আমি সকলোৱে একোটা নতুন বিষয়বস্তুৰে কিছুমান ন-প্ৰকল্পৰ সোৱাদ ল’বলৈ সক্ষম হৈছোঁ। এইখিনিতে, আমি এটা কথা ক’বই লাগিব যে, নৱপ্ৰজন্মক তেওঁলোকৰ প্ৰতিভাসমূহ ৰাইজৰ মাজলৈ উলিয়াই অনাৰ ক্ষেত্ৰত কেইগৰাকীমান গণ্য-মান্য ব্যক্তিৰ হাত আছে। এই ব্যক্তিসকলে সকলো সময়তে আমাৰ এই প্ৰতিভা সকলক উদ্গনি যোগায় তথা সঁহাৰি জনাই আহিছে। ইয়াৰ ভিতৰত, আমি নাম ল’ব লাগিব অনলাইন প্লেটফৰ্ম “Niri9” ৰ। ক’ভিড সৃষ্ট পৰিস্থিতিয়ে আমাক হতাশালৈ নিয়াৰ সময়ছোৱাতে এই প্লেটফৰ্মটো মুকলি কৰাৰ লগতে ইয়াত বহুখিনি লেখত ল’বলগীয়া প্ৰকল্পৰ সংযোজন কৰা হৈছিল, যাৰ জৰিয়তে আমি বহু নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰী তথা পৰিচালক সকলৰ সৈতে চিনাকী হ’বলৈ সক্ষম হৈছিলোঁ।

চলিত বৰ্ষতো “Niri9” য়ে উক্ত প্ৰচেষ্টাৰে আয়োজন কৰিছে “Niri9 International Film Festival” । য’ত নৱপ্ৰজন্মৰ পৰিচালক সকলে নিজৰ চুটি ছবি, পুৰ্ণদৈৰ্ঘ্যৰ ছবি আৰু তথ্যচিত্ৰ সমূহ দাখিল কৰিব পাৰিব। এই প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰাৰ্থীক প্ৰদান কৰা হ’ব আকৰ্ষণীয় পুৰষ্কাৰ। চুটি ছবি প্ৰতিযোগিতাৰ বাবে প্ৰথম পুৰষ্কাৰ লাভ কৰা জনক দিয়া হ’ব ৫০,০০০ টকা, দ্বিতীয় পুৰষ্কাৰ ৩৫,০০০ টকা আৰু তৃতীয় পুৰষ্কাৰ লাভ কৰা জনক দিয়া হ’ব ২০,০০০ টকা। তথ্যচিত্ৰৰ বাবে প্ৰথম পুৰষ্কাৰ হৈছে ৭০,০০০ টকা, দ্বিতীয় পুৰষ্কাৰ ৫০,০০০ টকা আৰু তৃতীয় পুৰষ্কাৰ ৩০,০০০ টকা। আনহাতে, পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ ক্ষেত্ৰত প্ৰথম পুৰষ্কাৰ লাভ কৰা জনক দিয়া হ’ব ৭০,০০০ টকা, দ্বিতীয় পুৰষ্কাৰপ্ৰাপ্ত গৰাকীক ৫০,০০০ টকা আৰু তৃতীয় পুৰষ্কাৰপ্ৰাপ্ত গৰাকীক মুঠ ৩০,০০০ টকা দিয়া হ’ব। ইচ্ছুক প্ৰাৰ্থী সকলে ১৫ মাৰ্চ, ২০২৩ তাৰিখলৈকে নিজ প্ৰকল্প সমূহ জমা দিব পাৰিব।

Niri9 ৰ দ্বাৰা অনুষ্ঠিত হোৱা এই সমাৰোহখনে নৱপ্ৰজন্মক আগবাঢ়ি আহিবলৈ এখন নতুন মঞ্চ প্ৰদান কৰাৰ লগতে তেওঁলোকক যথেষ্ট উপকৃত কৰিব বুলি আমি আশাবাদী।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *