জানমণি-অঞ্জনাৰ সৈতে পুনৰ বাৰ সাজু হৈছে এন.কে প্ৰডাকচনঃ অতীতৰ স্মৃতি ৰোমন্থন কৰাৰ সুযোগ পাম আমিও-
অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজৰ মাজত এন.কে প্ৰডাকচন হাউচটোৱে এক আৱেগ ৰূপে স্বীকৃতি লাভ কৰিছিল। বহু বছৰৰ অন্তত এতিয়া পুনৰ বাৰ জনপ্ৰিয় প্ৰযোজনা গোষ্ঠী এন.কে প্ৰডাকচন সাজু হৈ উঠিছে নতুন কিছু প্ৰকল্পৰ সৈতে। নিজা গাঁঠি মজবুত কৰি অসমীয়া ছবি ক্ষেত্ৰখনত আকৌ এবাৰ খোজ পেলাইছে প্ৰযোজনা গোষ্ঠীটোৱে। তেওঁলোকৰ ফালৰ পৰা অহা একোটা খবৰে প্ৰায়ে দৰ্শকক উৎসাহিত কৰে; নকৰিবওঁনো কিয়? উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰৰ পৰা মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰত্যেকটো প্ৰকল্পক লৈয়ে আকৰ্ষিত জনসাধাৰণ। বিগত দিনৰ পৰা এই প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত অধিকাংশ সুন্দৰ কাহিনী তথা গীতে এতিয়াও জনসাধাৰণৰ হৃদয়ত ঠাই ল’বলৈ সক্ষম হৈছে। জানমণি, অঞ্জনা ইত্যাদি ভিডিঅ’ কেচেট সমূহৰ সৈতে স্মৃতি জড়িত হৈ আছে বহু অসমীয়া দৰ্শকৰ। বিহুৰ সময়ছোৱাত সেই তাহানিৰ জানমণি-অঞ্জনাৰ গীত সমূহ আজিও বহুততে বাজে, সেইসমূহত নৃত্য কৰে নৱপ্ৰজন্মইও। উক্ত কেচেট সমূহত কৰা অভিনয়েৰে জনপ্ৰিয় হৈ পৰিছিল সাম্প্ৰতিক সময়ত বহুল অনুৰাগীৰে ভৰা অভিনেতা-অভিনেত্ৰী সকল। কিন্তু এইবাৰ আপোনালোকৰ বাবে নতুন সুযোগ লৈ আহিছে এন.কে.প্ৰডাকচনে।
বিগত সময়ছোৱাৰ দৰে এইবাৰো তেওঁলোক সাজু হৈছে জানমণি-অঞ্জনাৰ নতুন সংস্কৰণ প্ৰস্তুতিৰ বাবে। ১৯৮৯ চনৰ পৰা এন.কে প্ৰডাকচনৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত দেৱ বৰকটকীয়ে এই কথা ছ’চিয়েল মিডিয়াৰ জৰিয়তে জানিবলৈ দিছে। বিহু নাচিব জনা বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীৰ প্ৰয়োজন হৈছে এন.কে প্ৰডাকচনক। আগ্ৰহী সকলক প্ৰযোজনা গোষ্ঠীটোৰ সৈতে সংযোগ কৰাৰ বাবে আহ্বান জনাইছে দেৱ বৰকটকীয়ে। এয়া নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰী সকলৰ বাবে এক সুন্দৰ সুযোগ হিচাবে পৰিগণিত হৈছে। এন কে প্ৰডাকচনে নৱপ্ৰজন্মৰ প্ৰতিভাসমূহক আঁকোৱালি তেওঁলোকৰ ব্যতিক্ৰমী প্ৰচেষ্টা সমূহক উদ্গনি যোগোৱাৰ দাবী কৰে। এই দাবীকে সাৰোগত কৰি তেওঁলোকৰ পৰা অহা শেহতীয়া পষ্টটো দেখিবলৈ পোৱা গৈছে। আমি হয়টো পুনৰ বাৰ জানমণি, অঞ্জনাৰ সৈতে জীয়াবলৈ সুযোগ পাম আমাৰ অতীতক।স্মৃতি ৰোমন্থন কৰিবলৈ এন কে প্ৰডাকচনে কৰা এই প্ৰচেষ্টাক আমি সকলোৱে উষ্ম আদৰণি জনাইছোঁ।
লগতে, Jollywood Now ৰ তৰফৰ পৰা এন কে প্ৰডাকচনক জনাইছোঁ আন্তৰিক শুভকামনা। তেওঁলোকৰ প্ৰচেষ্টা সমূহ সফলকাম হওঁক, তাৰেই কামনা কৰিছোঁ।